ETV Bharat / state

উত্তৰ পাৰৰ ৰে’লৱে ষ্টেচনৰ উন্নতি-ৰে’লপথ বৈদ্যুতিকৰণে জনসাধাৰণক লাভান্বিত কৰিব : প্ৰদান বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 6:48 PM IST

MP Pradan Baruah reacts on Dhemaji Amrit Bharat Rail Station
অমৃত ভাৰত ষ্টেচন আঁচনি

Amrit Bharat Station : ৬.৩৪ কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ন ৰূপ লাভ কৰিব অসমৰ ধেমাজি ৰে'ল ষ্টেচনে ৷ উত্তৰ পাৰৰ ধেমাজি-লখিমপুৰ জিলা ৰে’লৱে ষ্টেচনৰ উন্নতি আৰু ৰে’লপথ বৈদ্যুতিকৰণে জনসাধাৰণক লাভান্বিত কৰিব ৷ এই মন্তব্য সাংসদ প্ৰদান বৰুৱাৰ ৷

অমৃত ভাৰত ষ্টেচন আঁচনি

ধেমাজি, ২০ ফেব্ৰুৱাৰী : অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত, উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৬০ টা ৰে’ল ষ্টেচন বিশ্বমানৰ আধুনিক সা-সুবিধাৰ সৈতে পুনৰ বিকশিত কৰা হৈ আছে । নিৰ্বাচিত ৰে'ল ষ্টেচনসমূহৰ ভিতৰত অসমৰ ধেমাজি ৰে'ল ষ্টেচনে ৬.৩৪ কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এক উল্লেখযোগ্য নতুন ৰূপ লাভ কৰিব । এই ষ্টেচনৰ পুনৰ নির্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰে'ল ব্যৱহাৰকাৰীসকলক অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিব ।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উত্তৰ পাৰৰ ধেমাজি জিলাৰ ধেমাজি, চিলাপথাৰ, মুৰ্কংচেলেক, লখিমপুৰ জিলাৰ হাৰমতী, উত্তৰ লখিমপুৰ আদি মূল ষ্টেচনৰ উন্নতিকৰণৰ বাবে ব্যৱস্থা হোৱা হৈছে ৷ লগতে ধেমাজিৰ পাচিঘাটলৈকে বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ ফলত উত্তৰ পাৰবাসী লাভাম্বিত হ’ব ৷ মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে ধেমাজি ৰে’লৱে ষ্টেচনত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱাই ৷

লগতে ষ্টেচনৰ উন্নতি, সৌন্দৰ্যবৰ্ধন, ৰে’ল পথ বৈদ্যুতিকৰণ, সকলো আন্তগাঁথনি সম্পূৰ্ণ হৈ উঠিলে দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ৰখোৱা বাবেও প্ৰয়োজনীয় ব্যৱস্থা হৈ উঠিব বুলি অৱগত কৰে সাংসদ বৰুৱাই ৷ এইবোৰৰ উপৰিও পুৰুষ-মহিলা উভয় যাত্ৰীৰ বাবে পৃথকে নিৰ্মাণ কৰা হ'ব বাবে নতুন শৌচাগাৰ ব্লক । যাত্ৰীৰ চলাচল সহজ কৰাৰ বাবে সকলো প্লেটফৰ্মত শ্বেলটাৰ প্ৰদান কৰা হ'ব ।

ইতিমধ্যে উপৰোক্ত সকলো কামৰ লগতে অন্যান্য আনুসংগিক কামৰ বাবে নিবিদা প্ৰদান কৰা হৈছে । নতুন ষ্টেচন ভৱনটোৰ কামো আৰম্ভ কৰা হৈছে । অন্যান্য যাত্ৰী সুবিধা যেনে কোচ গাইডেন্স ব'ৰ্ড স্থাপন, ৰে’লৱে ইনফৰমেচন ডিচপ্লে চিষ্টেম, প্লেটফৰ্মৰ সম্প্ৰসাৰণ, দিব্যাংগসকলৰ বাবে সহজলভ্য ৱাটাৰ বুথৰ ব্যৱস্থা আদিৰ বাবেও কাম চলি আছে ।

এই ষ্টেচনৰ উন্নীতকৰণৰ ফলত নতুন নিয়োজন, ব্যৱসায়ৰ সা-সুবিধা সৃষ্টিৰ লগত সমগ্ৰ উত্তৰ-পূবৰ যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা হ'ব ৷ ইপিনে অমৃত ভাৰত ৰে'ল ষ্টেচনৰ আঁচনিৰ অধীনত দেশৰ আগশাৰীৰ ৰে'ল ষ্টেচনলৈ উন্নীত হোৱা খবৰ পাই চৰকাৰক ধন্যবাদ জনাই সন্তোষ লভিছে ধেমাজিৰ দল-সংগঠন নেতৃত্বৰ লগতে স্থানীয় সচেতন নাগৰিকে ৷

লগতে পঢ়ক : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নত হ'ব ধেমাজি ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.