ETV Bharat / state

য'ত গ'লে মুখ্যমন্ত্রীৰ টোপনি নাহে তালৈকে মই যাম : বদৰুদ্দিন আজমল

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:34 PM IST

MP Badruddin Ajmal reaction : "মোৰ কাৰণে মুখ্যমন্ত্রীৰ টোপনি নহাটো ভালহে কথা। তেওঁ য'ত গ'লে মুখ্যমন্ত্রীৰ টোপনি নাহে তালৈকে মই যাম ৷" - সাংসদ বদৰুদ্দিন আজমল

MP Badruddin Ajmal reaction
য'ত গ'লে মুখ্যমন্ত্রীৰ টোপনি নাহে তালৈকে মই যাম : সাংসদ বদৰুদ্দিন আজমল

য'ত গ'লে মুখ্যমন্ত্রীৰ টোপনি নাহে তালৈকে মই যাম : সাংসদ বদৰুদ্দিন আজমল

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: লোক সভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিমাত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ । সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বহুবাৰ কোৱা হৈছে যদিও প্ৰচাৰ কৰা নহয়। ইয়াৰ পৰা মন্তব্য প্ৰকাশ কৰি পঠাই যদিও তাত ডাষ্টবিনলৈ পঠাই দিয়ে। গতিকে কৈ কি লাভ আছে । লোক সভা নিৰ্বাচন সন্দৰ্ভত কোনো মন্তব্য নকৰাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত এইদৰে মন্তব্য প্ৰকাশ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷

আনহাতে ধুবুৰীত কংগ্ৰেছে 'বাঘ' আখ্যা দি ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিব বিচৰাৰ প্ৰসংগত আজমলে কয়, "নিৰ্বাচন মানুহৰ মাজত হয়। নিৰ্বাচন জংঘলৰ জন্তুৰ লগত নহয় ৷ যদি জংঘলৰ জন্তু আহে তেন্তে আমিও জংঘলৰ আৰু ডাঙৰ জন্তু দি দিম।"

বাঘৰ কথা কৈ গণতন্ত্ৰৰ অপমান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে ৰকিবুল হুছেইনৰ প্ৰসংগত মন্তব্য কৰাৰ পৰা বিৰত থাকে। আজমলে কয় যে, কিবা ফেক্টৰ হ'ব, ট্ৰেক্টৰ হ'ব, বাঘ হ'ব, শিয়াল হ'ব একো ক'বলৈ নাই।

ইফালে বাজেট সন্দৰ্ভত তেওঁ কয় যে, বাজেটখন লোকসভা নিৰ্বাচনকেন্দ্ৰিক হ'ব। মানুহক ললিপ'প দিয়া এখন বাজেট হ'ব।

বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগত আজমলে কয় যে, বিৰোধী ঐক্য মঞ্চৰ নাটক ফ্ল'প হৈ গ'ল। সপোন ভাঙি চুৰমাৰ হৈ গ'ল, দিল্লীতো ভাঙি গ'ল, সকলো বেলেগ বেলেগ হৈ গ'ল ।

'কা'ৰ প্ৰসংগত আজমলে কয়, "আমি আমাৰ পূৰ্বৰ স্থিতিতে অটল আছো । 'কা'ৰ বিৰোধিতা আমি কৰি যাম ৷" ইফালে শংকৰ সংঘৰ অধিৱেশনত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া নিদিও বুলি কৈ কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা শংকৰীয়া নহয়। শংকৰীয়াসকলে মূৰ্তি পূজা নকৰে ৷ মুখ্যমন্ত্রীয়ে মূৰ্তি পূজা কৰে। মুখ্যমন্ত্রীয়ে শংকৰীয়াসকলৰ হৈ ইমান কিয় কান্দিব লাগে বুলি প্ৰশ্ন কৰে আজমলে ৷

আজমলে লগতে কয় যে, তেওঁৰ কাৰণে মুখ্যমন্ত্রীৰ টোপনি নহাটো ভালহে কথা। তেওঁ য'ত গ'লে মুখ্যমন্ত্রীৰ টোপনি নাহে তালৈকে তেওঁ যাব বুলি আজমলে কয়।

আনহাতে শংকৰ সংঘৰ লোকে মুখ্যমন্ত্রীৰ মন্তব্যৰ সমৰ্থন কৰাৰ প্ৰসংগত আজমলে কয় যে, মুখ্যমন্ত্রীৰ পৰা পইচা পোৱাসকলে মুখ্যমন্ত্রীৰ সমৰ্থন কৰিবই। তেওঁৰ পৰা পইচা লোৱাসকলে তেওঁৰ বিৰোধিতা কৰিব নেকি বুলি আজমলে ওলোটাই প্ৰশ্ন কৰে।

লগতে পঢ়ক: কোকৰাঝাৰত গৰ্জন মুছাহাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.