ETV Bharat / state

প্ৰকৃতিৰ কালৰূপৰ বাবেই মাতৃহাৰা হ’ল এটি চাৰিমহীয়া সন্তান - Death in heavy storm in Cachar

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 11:44 AM IST

mother of a 4 month old child died after a huge tree fell on her house in cachar
প্ৰচণ্ড ধুমুহাৰ বাবেই মাউৰা হ’ল এটি চাৰিমহীয়া সন্তান

Death in heavy storm: ধুমুহাৰ ফলত ঘৰত গছ পৰি মৃত্যু ঘটে এগৰাকী মাতৃৰ । মৃত মহিলাগৰাকীৰ নাম শাখি বেগম লস্কৰ ৷ ঘটনাটো কাছাৰৰ ধলাই ৰাজঘাটৰ ৷

প্ৰচণ্ড ধুমুহাৰ বাবেই মাউৰা হ’ল এটি চাৰিমহীয়া সন্তান

শিলচৰ, 1 এপ্ৰিল: প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল এগৰাকী মাতৃৰ । কাছাৰৰ ধলাই ৰাজঘাটত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ চাৰিমহীয়া সন্তানক লগত লৈ শুই থকাৰ সময়তে ঘৰত ওপৰত প্ৰকাণ্ড গছ উভালি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনাটো । থিতাতে মৃত্যু ঘটে মাতৃগৰাকীৰ, চাৰিমহীয়া সন্তানটিৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে ।

মৃত মহিলাগৰাকীৰ নাম শাখি বেগম লস্কৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, নিশা ৰমজান মাহৰ তাৰাবীৰ নামাজ সমাপ্ত কৰি শাখি বেগম নামৰ মহিলাগৰাকীয়ে তেওঁৰ চাৰিমহীয়া শিশু সন্তানটিক লগত লৈ ঘৰত শুই আছিল । উক্ত সময়ত ঘৰত আছিল স্বামীসহ ঘৰৰ আন পাঁচগৰাকী সদস্য । নিশা হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ কাষতে থকা এজোপা প্ৰকাণ্ড গছ ঘৰৰ ওপৰত উভালি পৰে ।

মহিলাগৰাকীৰ ওপৰত গছ পৰা বুলি অৱগত হোৱাৰ পাছত শাখিৰ স্বামীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও সফল নহয় আৰু থিতাতে শাখি বেগম নামৰ 35 বছৰীয়া মহিলাগৰাকীৰ মৃত্যু ঘটে বুলি জনায় স্বামীয়ে । ইপিনে, ভয়ংকৰ এই ঘটনাত মহিলাগৰাকীৰ কাষতে থকা তেওঁৰ চাৰিমহীয়া সন্তানসহ পৰিয়ালৰ আন সদস্যসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

স্থানীয় লোকৰ সহযোগিতাত আৱদ্ধ শিশুসহ আন সদস্যসকলক ইতিমধ্যে ঘৰটোৰ পৰা উদ্ধাৰ কৰা হয় ।

নিশা প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত জিলাখনৰ বহুতৰে ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শাক-পাচলিৰ খেতিও নষ্ট হৈ পৰিছে । বহু ঠাইত পথৰ ওপৰত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিঙি পৰে ৷

লগতে পঢ়ক: ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.