ETV Bharat / state

ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া নকৰিবলৈ জিপি সিঙক সকীয়নি বিধায়ক অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:35 PM IST

MLA Akhil  Gogoi warned DGP GP Singh
কাজিৰঙাত অখিল গগৈৰ সংবাদমেল

Akhil Gogoi on GP Singh : কাজিৰঙাত অখিল গগৈৰ সংবাদমেল ৷ 'কা' সন্দৰ্ভত আছুৰ স্থিতি ৰহস্যজনক বুলি অভিযোগ বিধায়ক গগৈৰ ৷ সংবাদমেল যোগে ৰাজ্যৰ জি পি সিঙকো সকীয়নি বিধায়ক গগৈৰ ৷ জিপি সিঙক ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া নকৰিবৰ বাবে সকীয়নি বিধায়ক গগৈৰ ৷ সংবাদমেলত অখিল গগৈয়ে ৰাজ্যৰ সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয় উল্লেখ কৰে ৷

ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া নকৰিবলৈ জিপি সিঙক সকীয়নি বিধায়ক অখিল গগৈৰ

কাজিৰঙা, ২ মাৰ্চ : 'কা' বিৰোধী আন্দোলনক এক নতুন গতি দিয়াৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে ৷ শনিবাৰে এক সংবাদমেলযোগে এই অভিযোগ কৰে বিধায়ক অখিল গগৈয়ে ৷ বিধায়ক গগৈয়ে আছুৰ বৰ্তমান স্থিতিক ক্ষুৰধাৰ সমালোচনা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়, ‘‘কা-ৰ বিৰুদ্ধে আছুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰ ৷ চৰকাৰী বিদেশী প্ৰীতিয়ে অসমৰ খিলঞ্জীয়া জনগণক বিপদত পেলোৱাৰ দৰে এই কঠিন সময়ত আছুৱে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ বৃহৎ আন্দোলনত নামিব লাগিছিল যদিও আছুৰ কাৰ্যসূচী চৰকাৰৰ লগত আলোচনা কৰি লোৱা কাৰ্যসূচীৰ দৰে হৈছে’’ ৷

আনহাতে, শেহতীয়াকৈ ৰাজ্যৰ ডি জি পিয়ে কৰা এক মন্তব্যৰ বিৰোধিতা কৰি অসম আৰক্ষী সঞ্চালকগৰাকীক সংবাদমেলযোগে সকীয়নি দিয়ে বিধায়ক অখিল গগৈয়ে ৷ তেওঁ কয়, ‘‘জি পি সিঙে ভয় ভাবুকিৰে এটা জাতিক যদি সৈমান কৰিব পাৰিম বুলি ভাবিছে, তেনেহ’লে ভুল ভাবিছে ৷ সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা জনগণক বঞ্চিত কৰাৰ অধিকাৰ কাৰো নাই ৷ তেনেস্থলত এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানে কি সাহসত সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ পালে ?’’

লগতে পঢ়ক : CAA ৰ বিৰুদ্ধে গৰজি উঠিল ধেমাজি আছু

তেওঁ কয়, ‘‘উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ দোহাই দি জি পি সিঙে অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ চেষ্টা কৰিছে ৷ আন্দোলনৰ নামত যদি কোনোৱে ধ্বংস কাৰ্যত লিপ্ত হয় তেতিয়া আইন সংগত ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ আছে ৷ কিন্তু, গণতান্ত্ৰিক প্ৰতিবাদ বন্ধ কৰাৰ অধিকাৰ জিপি সিঙৰ নাই’’ ৷

আনহাতে, মেট্ৰিক পৰীক্ষাত গণিতৰ প্ৰশ্নকাকতৰ বিসংগতি সন্দৰ্ভত অখিল গগৈয়ে সংবাদমেল যোগে কয়, ‘‘ছেবা এটা অযোগ্য বিভাগ ৷ সুচাৰুৰূপে এটা পৰীক্ষা পৰিচালনা কৰাৰ যোগ্যতাও ছেবাৰ নাই ৷ ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ শিক্ষা বিভাগে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে’’ ৷ লগতে শিক্ষামন্ত্ৰীয়ে ক্ষমা বিচৰিব লাগে বুলিও দাবী কৰে অখিল গগৈয়ে ৷

বিধায়ক গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা বুজাবুজিৰ মাজত প্ৰস্তুত সম্পন্ন হৈছে বুলি মন্তব্য কৰে উক্ত সংবাদমেলত ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে কংগ্ৰেছ নেতাৰ বিজেপি গমন একো অস্বাভাৱিক নহয় ৷ বিজেপিয়ে টিভিৰ ধাৰাবাহিকৰ দৰে কাম কৰিছে ৷

এজনৰ পাচত আনজন কংগ্ৰেছ নেতাক বিজেপিলৈ নি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজক দেখুৱাব খুজিছে যে কংগ্ৰেছ বৰ্তমান একেবাৰে একেবাৰে দুৰ্বল ৷ কিন্তু বিৰোধী সম্প্ৰতি শক্তিশালী স্থিতিত আছে বুলিও সংবাদমেলযোগে স্পষ্ট কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক : চৰকাৰে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে; আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.