ETV Bharat / state

পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত নুনমাটিৰ পৰা সন্ধানহীন দুই ছাত্ৰী; গ্ৰেপ্তাৰ ৩

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 12:08 PM IST

Updated : Feb 16, 2024, 2:41 PM IST

Noonmati missing incident : নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰীক মহানগৰ আৰক্ষীয়ে টিহুৰ হাতখোলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান ছাত্ৰী দুগৰাকীক পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে ৷ বৃহস্পতিবাৰৰ নিশা নুনমাটি আৰক্ষীয়ে ছাত্ৰী দুগৰাকীৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা সাতগাওঁ স্বাস্থ্যকেন্দ্ৰত কৰোৱায় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক ৷

Noonmati missing incident
সন্ধানহীন দুই ছাত্ৰী

সন্ধানহীন দুই ছাত্ৰী

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই টিহুৰ হাতখোলাৰ পৰা সৰস্বতী পূজাৰ দিনা নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৰুণ দাস আৰু মাধৱ দাস নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সমগ্ৰ ঘটনাৰ লগত জড়িত ৰাহুল কলিতা নামৰ আন এজন যুৱকক চান্দমাৰিৰ উইংচ নামৰ এখন ৰেষ্টুৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ধৃত যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । লগতে যুৱককেইজনৰ ম’বাইলৰ পৰা বহু যুৱতীৰ ফটো আৰু ফোন নম্বৰৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে । বৃহস্পতিবাৰৰ নিশা যুৱক তিনিজনক নুনমাটি আৰক্ষীয়ে সাতগাওঁ স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাই নুনমাটি থানাত ৰাখে ।

আনহাতে ছাত্ৰী দুজনীক পাণবজাৰৰ সমূহ মহিলা আৰক্ষী থানাত ৰখা হৈছে ৷ শুকুৰবাৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই সোধ-পোছ কৰাৰ সম্ভাৱনা আছে । লগতে এই চক্ৰটোৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীৰ মোবাইল লোকেচন ট্ৰেক কৰি টিহু নগৰৰ হাটখলাৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, উক্ত ভাড়াঘৰটোত গুৱাহাটীত ৰিক্সাচালক হিচাপে কাম কৰা গোপাল ৰামছিয়াৰী আৰু তেওঁৰ পত্নী জুনুমণি ৰামছিয়াৰীয়ে ভাড়াতীয়া হিচাপে থাকে । উল্লেখ কৰা প্ৰয়োজন যে উদ্ধাৰ হোৱা ছাত্ৰী দুগৰাকী নুনমাটি পঞ্চদীপ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী । গ্ৰেপ্তাৰ হোৱা দুই যুৱক মাধৱ দাস ওৰফে ৰাহুল আৰু অৰুণ দাস মানৱ সৰবৰাহ কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ৰাহুলৰ লগত দুই ছাত্ৰীৰ চিনাকি কেনেকৈ হৈছিল সেই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । তাৰোপৰি ৰাহুলৰ মোবাইলত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বহু যুৱতীৰ তথ্য । বৰ্তমান পল্টন বজাৰ থানাত থকা লোককেইজনক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

আনহাতে, সৰস্বতী পূজাৰ দিনা সন্ধানহীন হোৱা তৃতীয়গৰাকী ছাত্ৰীক নুনমাটি আৰক্ষীয়ে ইতিমধ্যে নুনমাটিৰ বাপুজী নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে সন্ধানহীন ছাত্ৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত দাখিল কৰিছিল এজাহৰ । এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে অনুসন্ধান চলাই সমীন আলীৰ বাসগৃহৰ পৰা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে সমীন আলীক আটক কৰি থানালৈ লৈ যায় ।

উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী সপ্তম শ্ৰেণীৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দিষ্ট দুই ছাত্ৰীক উদ্ধাৰ টিহুত

Last Updated :Feb 16, 2024, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.