ৰাজ্য চৰকাৰক কৃতজ্ঞতা মিচিং জনগোষ্ঠীয় জাতীয় সংগঠনৰ
Mising tribal national organization : অৱশেষত ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাজ্যৰ মিচিং, ৰাভা, তিৱা, কাৰ্বি, দেউৰী, আৰু ডিমাছা ভাষাক প্ৰাথমিক বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তনত অনুমোদন জনায় ৷ চৰকাৰৰ এই সিদ্ধান্তক একমুখে শলাগ লয় সমূহ মিচিং জাতীয় সংগঠনে ৷

Published : February 25, 2024 at 8:04 PM IST
ধেমাজি, 25 ফেব্ৰুৱাৰী : শনিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাজ্যৰ মিচিং, ৰাভা, তিৱা, কাৰ্বি, দেউৰী, আৰু ডিমাছা ভাষাক প্ৰাথমিক বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তনত অনুমোদন জনোৱাৰ বাবে উৎফুল্লিত হৈ পৰিছে সমূহ মিচিং জাতীয় সংগঠন ৷ দেওবাৰে মিচিং সাহিত্য সভাৰ ধেমাজি কাড়িচুকস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে সমূহ মিচিং জাতীয় সংগঠনৰ সদস্যসকলে ৷
মিচিং সাহিত্য সভা, টাকাম মিচিং পৰিন কেবাং, মিচিং মিমাগ কেবাঙকে ধৰি কেইবাটাও মিচিং জাতীয় সংগঠনে অসম চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুক বিশেষভাৱে ধন্যবাদ জনায় ৷
উল্লেখ্য যে, 1972 চনত জন্ম লাভ কৰা মিচিং আগম কেবাং অৰ্থাৎ মিচিং সাহিত্য সভাই জন্ম লগ্নৰে পৰা যোৱা 45 বছৰে মিচিং ভাষাক মাধ্যম হিচাপে ঘোষণা কৰাৰ দাবী জনাই আহিছিল ৰাজ্য চৰকাৰক । বিভিন্ন সময়ত কৰা প্ৰতিবাদ, আলোচনাৰ পিচত অৱশেষত চাৰিটা দশকৰ মাজ ভাগত লাভ কৰে মাধ্যম অনুমোদন ৷ চৰকাৰৰ এই সিদ্ধান্তক উস্ম আদৰণি জনালে মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই ৷
এই সংবাদমেলত মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগু , সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক, উপসভাপতি প্ৰভাত মিলি, কালিনাথ পাংগিং, সহকাৰী সম্পাদক ড৹ সুৰজিত দ’লে, টিএম পিকেৰ উপসভাপতি টুনিৰাম পাংগিং, সাধাৰণ সম্পাদক চান দঞি পাংগিং, এম এম কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ দলে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য বাণীকান্ত দলে আৰু লাৱণ্য মিলিকে ধৰি বহুকেইজন মিচিং জাতীয় সংগঠনৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: নুনমাটি থানা চৌহদত প্ৰচণ্ড মাৰপিট; ৰহস্যজনক স্থিতিত নুনমাটি আৰক্ষী

