ETV Bharat / state

ভাটৌ কোন ? কাৰ বাবে বিজেপিত ঠাই নাই বুলি ক’লে জয়ন্ত মল্লবৰুৱাই ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:47 PM IST

Minister Jayanta Malla Baruah
mission basundhara

Joining Trends in BJP: ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ বিজেপি চিন্তিত নহয় বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ বিজেপি দলত বৰ্তমান সাংসদ-বিধায়ক হ’বলৈ অহা মানুহৰ বাবে ঠাই নাই বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী: দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই যদিও দল সমূহৰ মাজত ইতিমধ্যেই পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা ৷ কোনো কোনো নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থতেই হওক বা পূৰ্বতে দলৰ প্ৰতি বিৰাগ জন্মিয়েই হওক দল ত্যাগ কৰি যোগ দিছে আন দলত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটত চকু ফুৰালে দেখা যায় যে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ পৰা বহু সংখ্যক নবীন-প্ৰবীণ নেতা-সদস্যই ঢাপলি মেলিছে বিজেপিৰ লগতে আন দললৈ ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আদিৰ দৰে জ্যেষ্ঠ নেতা এতিয়া দল এৰাৰ বাবে সাজু হৈ থকা বুলি চৰ্চা চলিছে ৷

শুকুৰবাৰে ডিব্ৰুগড়ত অসম চৰকাৰৰ মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমিহীন লোকক ভূমি পট্টা বিতৰণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে বিজেপিত এতিয়া বিধায়ক-সাংসদ হ’বলৈ অহা মানুহৰ বাবে ঠাই নাই ৷ ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে যদি কোনোবা আহিব খোজে তেন্তে বিজেপিয়ে আঁকোৱালি ল’ব ৷ মন্ত্ৰী বৰুৱাই লগতে কয় যে বিজেপিৰ ওপৰত মানুহৰ আস্থা আছে ৷ সেয়েহে বিভিন্ন দলৰ পৰা বিজেপিলৈ সোঁত বৈছে নেতা-কৰ্মীৰ ৷

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ বিজেপি দল চিন্তিত নহয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিজেপিয়ে বৰ্তমানলৈকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও বিৰোধী শিবিৰত এই আসনখনক লৈ সংঘাত দেখা গৈছে ৷ বিৰোধী ঐক্যমঞ্চৰ পৰা ফালৰি কাটি আম আদমী পাৰ্টিয়ে এই আসনখনৰ বাবে মনোজ ধানোৱাৰক আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ আনহাতে, বিৰোধী ঐক্যমঞ্চৰ পৰা এই আসনখন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়াৰো কথা-বতৰা চলিছে ৷

উল্লেখ্য যে মিছন বসুন্ধৰা 2.0 ৰ অধীনত শুকুৰবাৰে দুলীয়াজান সমষ্টিৰ 3575 গৰাকী লোকক ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ দুলীয়াজানৰ বিহুতলীত আয়োজিত এক অনুষ্ঠানত এই ভূমি পট্টাসমূহ বিতৰণ কৰা হয় ৷ অনুষ্ঠানত মন্ত্ৰী বৰুৱাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয়মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা ৷

লগতে পঢ়ক: দুই বিধায়কৰ পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.