ETV Bharat / politics

দুই বিধায়কৰ পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ

Application for Disqualify MLA: বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ ৷ এই সন্দৰ্ভত ই টিভি ভাৰতক সবিশেষ জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Assam MLA Disqualify
কমলাক্ষ দে’ পুৰকায়স্থ
author img

By ETV Bharat Assamese Team

Published : February 23, 2024 at 8:38 PM IST

3 Min Read
Choose ETV Bharat
বিৰোধী দলপতিৰ সৈতে ই টিভি ভাৰতৰ বাৰ্তালাপ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন জনোৱা দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে অৱশেষত বিধানসভাৰ অধ্যক্ষক আনুষ্ঠানিকভাৱে আবেদন জনালে কংগ্ৰেছ বিধায়িনী দলে ৷

বিজেপিক সমৰ্থন আগবঢ়াই কংগ্ৰেছকে কঠোৰ সমালোচনা কৰা দুই বিধায়কৰ পদ খাৰিজ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে কংগ্ৰেছ বিধায়িনী দলে । শুকুৰবাৰে আবেলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলৰ এটা দলে সাক্ষাৎ কৰে ৷ বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ কৰিবৰ বাবে আবেদন জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ই টিভি ভাৰত অসমক জনায় যে দল বিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ বাবে বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থ দুয়োজনৰে বিধায়ক পদ খাৰিজ কৰিবলৈ আবেদন জনোৱা হৈছে অধ্যক্ষক ।

দেৱব্ৰত শইকীয়াই কয়, “ দুই কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে যোৱা ১৪ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলৰ সদস্য হৈয়ো শাসকীয় বিজেপিক সমৰ্থন জনাই যাম বুলি দুমুখীয়া স্থিতি গ্ৰহণ কৰে ৷ কংগ্ৰেছ দলৰ নীতি-আদৰ্শবিৰোধী বক্তব্য সদনৰ ভিতৰে-বাহিৰে শাসকীয় দলৰ সমৰ্থন জনাই দল বিৰোধী কাৰ্যকলাপ সংঘটিত কৰি আহিছে৷ সংবিধানৰ দশম অনুসূচীৰ ১৯১ ধাৰাৰ অধীনত দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত দলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ সেয়ে দুয়োজন বিধায়কৰ পদ খাৰিজ কৰিবৰ বাবে তথ্য-প্ৰমাণসহ বিধানসভাৰ অধ্যক্ষক আমি আনুষ্ঠানিকভাৱে লিখিত আবেদন জনাইছোঁ ৷’’

অধ্যক্ষক খাৰিজ আবেদ প্ৰদান কৰোতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে দলটোত বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলী চৌধুৰী, আব্দুৰ ৰচিদ মণ্ডল, নন্দিতা দাস, ভৰত নৰহ, দিগন্ত বৰ্মনসহ আঠগৰাকী বিধায়ক উপস্থিত থাকে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০২২ চনতে তিনিজনকৈ কংগ্ৰেছ বিধায়কৰ পদ খাৰিজ কৰিবলৈ কংগ্ৰেছে আবেদন জনাই থৈছে বিধানসভাৰ অধ্যক্ষক ৷ দুয়ো পক্ষৰে শুনানিও গ্ৰহণ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

কিন্তু বিগত প্ৰায় এটা বছৰে এই আবেদন পেলাই থৈছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে । মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত তৎকালে অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিলে বিৰোধী দল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই । অন্যথা কংগ্ৰেছ দল ন্যায়ালয়লৈ যোৱাৰ বাট খোলা থকাৰ কথাও উল্লেখ কৰে বিৰোধীৰ দলপতিগৰাকীয়ে ।

যদিহে পূৰ্বৰ তিনিগৰাকীৰ সৈতে এই দুগৰাকী বিধায়কৰ বিৰুদ্ধে দিয়া আবেদনত অনুমোদন জনালে মুঠ ৫ জন বিধায়ক পদ খাৰিজ হ’ব । অৰ্থাৎ এতিয়া অসম বিধানসভাৰ অধ্যক্ষৰ হাতত কংগ্ৰেছৰ ৫ জনকৈ বিধায়কৰ খাৰিজ আবেদন জমা হ’ল । কংগ্ৰেছৰ ৫ বিধায়কৰ পদ অধ্যক্ষই খাৰিজ কৰেনে নকৰে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ তালিকা