ETV Bharat / state

অৰুণাচলৰ অনিনিত অসমৰ শ্ৰমিক পৰিয়ালক অত্যাচাৰৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 4:49 PM IST

Labourers stranded in Arunachal : অৰুণাচল প্ৰদেশৰ অনিনিত অসমৰ শ্ৰমিক পৰিয়ালক অত্যাচাৰৰ অভিযোগ ৷ বৰ্তমানেও শ্ৰমিকজনৰ পত্নী তথা পুত্ৰ অৰুণাচল প্ৰদেশৰ অনিনিত বন্দী হৈ আছে ৷

Labourers stranded in Arunachal
অৰুণাচল প্ৰদেশৰ অনিনিত বন্দী অসমৰ শ্ৰমিক

অসমৰ শ্ৰমিক পৰিয়ালক অত্যাচাৰৰ অভিযোগ

তিনিচুকীয়া, 3 মাৰ্চ : বহিঃৰাজ্যত বিশেষকৈ অৰুণাচল প্ৰদেশত অসমৰ শ্ৰমিকসকল কাম কৰিবলৈ গৈ বন্দী হোৱা বা শাৰিৰীক নিৰ্যাতনৰ সন্মুখীন হোৱা ঘটনা কোনো নতুন কথা নহয় ৷ এইবাৰ পুনৰ অনুৰূপ ঘটনাই সংঘটিত হৈছে ডুমডুমাৰ এজন শ্ৰমিকৰ লগত ৷

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ লংছোৱাল চাহ বাগিচাৰ প্ৰসাদ গোসাঁই নামৰ এজন লোক পত্নীৰ লগতে দুই কণমানি পুত্ৰক লৈ দুবছৰ পূৰ্বে দুজনমান মধ্যভোগীৰ নেতৃত্বত কাম কৰিবলৈ অৰুণাচল প্ৰদেশৰ অনিনিলৈ বুলি গৈছিল ৷ দুবছৰ কাম কৰাৰ অন্তত প্ৰসাদ গোসাঁই পত্নী-পুত্ৰ সহিতে ঘৰলৈ ওভতি আহিব বিচৰাত মালিকে বিভিন্ন ধৰণৰ শাৰিৰীক, মানসিক অত্যাচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকজনে ৷ ইফালে কৌশলেৰে প্ৰসাদ গোসাঁই উক্ত স্থানৰ পৰা পলায়ন কৰি আহে যদিও বৰ্তমানেও প্ৰসাদ গোসাঁইৰ পত্নী তথা পুত্ৰ অৰুণাচল প্ৰদেশৰ অনিনিত বন্দী হৈ আছে ৷

একাংশ দালালে অসমৰ পৰা কাম দিয়াৰ প্ৰলোভন দি অৰুণাচল প্ৰদেশলৈ নিয়া এনে বহু সহজ-সৰল শ্ৰমিক পৰিয়াল বৰ্তমান বন্দী হৈ আছে বুলিও এই ভুক্তভোগী শ্ৰমিকজনে উল্লেখ কৰিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত ভুক্তভোগী শ্ৰমিকজনে এখন এজাহাৰ দাখিল কৰি বন্দী হৈ থকা পত্নী-পুত্ৰক উদ্ধাৰ কৰাৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে, বহিঃৰাজ্যত বিশেষকৈ অৰুণাচল প্ৰদেশত অসমৰ শ্ৰমিক সকলৰ ওপৰত মালিক পক্ষই আতিশয্য চলোৱাৰ ঘটনা এইয়াই প্ৰথম নহয় ৷ সময়ে-সময়ে এনেদৰে অসমৰ শ্ৰমিকক অৰুণাচলৰ বিভিন্ন ঠাইত বন্দী কৰি মালিক পক্ষই নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহে ৷ ইফালে একাংশ মধ্যভোগী দালালে মোটা অংকৰ কমিচনত গাঁও তথা চাহ বাগিচা অঞ্চলৰ দুখীয়া সহজ-সৰল শ্ৰমিকক বিভিন্ন প্ৰলোভন দি অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰাৰ ব্যৱসায় চলাই আহিছে ৷

লগতে পঢ়ক : ধাবাত 3 জাঁইকৈ গুলী ফুটাই আতংকৰ সৃষ্টি; আৰক্ষীৰ জিম্মাত দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.