চৰকাৰী পৃষ্ঠপোষকতাত চলিছে প্ৰশ্নকাকত ফাদিল কাৰ্য : কৃষক মুক্তি
AHSEC HS Final Exam 2024: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৷ চৰকাৰী পৃষ্ঠপোষকতাত এই কাৰ্য চলিছে বুলি অভিযোগ শইকীয়াৰ ৷ দিল্লীৰ শিক্ষা সংস্থাৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰা তথা অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাক গেৰুৱাকৰণ কৰাৰ বাবে এনেধৰণৰ চক্ৰান্ত কৰাৰ অভিযোগ কৃষক নেতাজনৰ ৷

Published : February 14, 2024 at 7:40 AM IST
গোলাঘাট, 14 ফেব্ৰুৱাৰী: সোমবাৰে অনুষ্ঠিত হৈ যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো চৰকাৰৰ ইচ্ছাকৃত বিষয় বুলি চৰকাৰক কটাক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ শইকীয়াই ছেবাক ধ্বংস কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিনটোতে প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডই চৰকাৰৰ ব্যৰ্থতা উদঙাইছে বুলি উল্লেখ কৰি সংগঠনটোৰ নেতাগৰাকীয়ে কয়, "যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই দাবী কৰে যে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত মানুহে বেয়া কাম কৰিবলৈ চিন্তা কৰিব লাগিব তেনে সময়ত গুৰুত্বপূৰ্ণ পৰীক্ষা এটাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো চিন্তাৰ বিষয়’’ ৷
তেওঁ লগতে কয়, "চৰকাৰে এখন বিশেষ আইন বলৱৎ কৰিছে ৷ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নকল কৰিলে কি শাস্তি প্ৰদান কৰিব, কিমান টকা জৰিমনা বিহিব আদিৰ উল্লেখ আছে । যি সময়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াই ৰাজপথত বাহন চলাওতে চিট বেল্ট পিন্ধিছে নে নাই আদি নিৰীক্ষণ কৰি জৰিমনা বিহে, পথাৰত হাল বাই থকা ট্ৰেক্টৰখনকো খেদি খেদি জৰিমনা বিহিব পাৰে, তেনেক্ষেত্ৰত পৰীক্ষাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেয়া এক ৰহস্যৰ বিষয় ।
পৰীক্ষাৰ প্ৰথম দিনটোত এনেদৰে প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই পৰীক্ষাৰ্থীৰ মনোজগতত কোনে প্ৰভাৱ পেলাব সেই কথা অসম চৰকাৰৰ শিক্ষা বিভাগে কোনোদিনে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল । চৰকাৰে অপৰাধ এতিয়া শেষ হৈছে বুলি প্ৰায়ে দম্ভালি মাৰে যদিও গুৰুত্বপূৰ্ণ শিক্ষা বিভাগতে এনেকুৱা চুৰ কিছুমান সোমাই আছে পুনৰ প্ৰমাণ হ'ল ।
- " class="align-text-top noRightClick twitterSection" data="">
শইকীয়াই ছেবা, শিক্ষা বোৰ্ডক ধ্বংস কৰিবলৈ প্ৰতিবছৰে চৰকাৰী পৃষ্ঠপোষকতাত প্ৰশ্নকাকত ফাদিল কৰা হয় বুলি অভিযোগ তোলে কৃষক মুক্তিৰ নেতাগৰাকীয়ে ৷ দিল্লীৰ শিক্ষা সংস্থাৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰা তথা অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাক গেৰুৱাকৰণ কৰাৰ বাবে এনেধৰণৰ চক্ৰান্ত কৰাৰ গুৰুত্বৰ অভিযোগ কৃষক নেতা বিদ্যুৎ শইকীয়াৰ । এই চৰকাৰখনে কেৱল অসমীয়া মাধ্যমটোক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ অভিযোগ কৃষক নেতাগৰাকীৰ ৷
লগতে পঢ়ক: সোমবাৰে পৰীক্ষাত বহিব 2 লাখৰো অধিক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থী

