ETV Bharat / state

সোমবাৰে পৰীক্ষাত বহিব 2 লাখৰো অধিক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:56 AM IST

AHSEC HS Final Exam 2024: আজিৰে পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ প্ৰথমদিনা আছে ইংৰাজীৰ পৰীক্ষা ৷ 13 মাৰ্চত অন্ত পৰিব এই পৰীক্ষাৰ । কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হ'ব মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থী । ৰাজ্যৰ 877 টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা ৷

HS final Examination 2024 start from 12 feb
2 লাখৰো অধিক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থী সোমবাৰে বহিব পৰীক্ষাত

গুৱাহাটী, 12 ফেব্ৰুৱাৰী: ৰাজ্যত আজিৰে পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাত অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল । সোমবাৰে পিছবেলা আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকত ৷ প্ৰথমদিনা আছে ইংৰাজীৰ পৰীক্ষা ৷ 13 মাৰ্চত অন্ত পৰিব এই পৰীক্ষাৰ ।

মুঠ 877 টা কেন্দ্ৰত কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হ'ব মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থী । এইবাৰ ছাত্ৰৰ সংখ্যা 1,37,486 আৰু ছাত্ৰীৰ সংখ্যা 1,42,732 । কলা শাখাত অৱতীৰ্ণ হ'ব 2,06,305 গৰাকী, বিজ্ঞান শাখাত 53,470 গৰাকী, বাণিজ্য শাখাত 19,562 আৰু বৃত্তিমূলক শাখাত অৱতীৰ্ণ হ'ব 879 গৰাকী পৰীক্ষাৰ্থী । প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰাৰ ব্যৱস্থা থাকিব ।

ইপিনে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ নির্দেশনা জাৰি কৰিছে । পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক আৰু কৰ্মচাৰীয়ে পৰীক্ষা শেষ নোহোৱা পর্যন্ত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অধীনত থাকিব । বিদ্যালয়সমূহৰ পৰিদৰ্শকে দায়িত্ব দিয়া কর্ম সম্পাদন কৰিব লাগিব শিক্ষক-কর্মচাৰীসকলে ।

শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে স্বাক্ষৰ কৰা নিৰ্দেশনাখনত কোৱা হৈছে যে পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক-কর্মচাৰীসকলক বিদ্যালয়সমূহৰ পৰিদৰ্শকে শৈক্ষিক ভিন্ন কামৰ দায়িত্ব দিব । আনকি বিদ্যালয়সমূহৰ পৰিদৰ্শকে এইসকল শিক্ষক-কর্মচাৰীৰ কাম-কাজসমূহ নিৰীক্ষণ কৰাৰ লগতে উপস্থিতি পর্যবেক্ষণ কৰিব ।

ইয়াৰোপৰি, পৰীক্ষা কেন্দ্ৰসমূহৰ সৈতে সংলগ্ন হৈ থকা 'ফিডাৰ স্কুল' সমূহৰ শিক্ষকসকলকো প্রয়োজনত বিদ্যালয় পৰিদৰ্শকে কামত নিয়োগ কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ াছে ।

লগতে পঢ়ক: ৰাজ্যত ৮৭৭ টা কেন্দ্ৰত 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.