ETV Bharat / state

ৰাজ্যত ৮৭৭ টা কেন্দ্ৰত 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:01 PM IST

Updated : Feb 10, 2024, 7:53 PM IST

AHSEC HS Final Exam 2024 : ৰাজ্যত ৮৭৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত ৷

AHSEC HS Final Exam 2024
12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈ মাজত মাথো এটা দিন ৷ পৰীক্ষাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৷ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তথ্য অনুসৰি ৰাজ্যত মুঠ 877 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা ৷ 877 টা কেন্দ্ৰত এইবাৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ৷ শিক্ষা সংসদৰ তথ্য অনুসৰি এই পৰীক্ষাত ছাত্ৰীৰ সংখ্যা 1,42,732 গৰাকী আৰু ছাত্ৰৰ সংখ্যা 1,37,484 গৰাকী ৷

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰীয়ে সংবাদ মাধ্যমক অৱগত কৰে যে এইবাৰ অনলাইন যোগে পৰীক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰা হ'ব ৷ তদুপৰি পৰীক্ষাৰ বহী নিৰীক্ষণৰ বাবে ব্যৱস্থা কৰা জ'নসমূহে পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰসমূহ শিক্ষা সংসদলৈ অনলাইন যোগে প্ৰেৰণ কৰিব ৷ পৰীক্ষা কেন্দ্ৰসমূহক শিক্ষা সংসদে ইণ্টাৰনেটৰ বাবে যাৱতীয় ব্যৱস্থা কৰি দিছে ৷ ম'বাইল নেটৱৰ্ক সংযোগ প্ৰদানকাৰী কোম্পানী এয়াৰটেলৰ সৈতে শিক্ষা সংসদে এই সম্পর্কীয় সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিছে বুলি জানিব পৰা গৈছে ৷

ইফালে পৰীক্ষা সন্দৰ্ভত ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক তিনি ঘণ্টীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় বুলি মন্তব্য কৰে সচিব পুলক পাটগিৰীয়ে ৷ অনলাইন ব্যৱস্থাৰ বাবে পূৰ্বতকৈ এইবাৰ আগতীয়াকৈ ফলাফল ঘোষণা কৰিব পৰা হ'ব বুলি তেওঁ মন্তব্য কৰে ৷ সচিবজনে পৰীক্ষাৰ প্ৰস্তুতি প্ৰয় সম্পূর্ণ হোৱা বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ উল্লেখ্য যে, 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷

লগতে পঢ়ক : হোটেল ভিভান্টাত ’মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানী আঁচনি’ অনুষ্ঠান

Last Updated : Feb 10, 2024, 7:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.