ETV Bharat / state

2026ৰ এপ্ৰিলত যোৰহাট-মাজুলী সংযোগী দলং উদ্বোধনৰ সম্ভাৱনা - Himanta Biswa Sarma in Majuli

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 11:02 PM IST

Himanta Biswa Sarma in Majuli
যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma in Majuli: সোমবাৰে মাজুলীত 13 কিঃমিঃ চাইকেল চলাব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ দেওবাৰে সন্ধিয়া মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ মাজুলীত উপস্থিত হৈয়েই নিৰ্মীয়মান দুখন দলং মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে ৷

যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মাজুলী, 31 মাৰ্চ: সোমবাৰে মাজুলীত ৰণডংকা বজাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । সেই উদ্দেশ্যে দেওবাৰৰ পৰাই মাজুলীত বাহৰ পাতিছে ড৹ শৰ্মাই ৷ সোমবাৰৰ নিশাটো মাজুলীৰ কমলাবাৰী ঘাটৰ ওচৰত নৈশ যাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দেওবাৰে সন্ধিয়া হেলিকপ্টাৰযোগে গড়মূৰত উপস্থিত হোৱাৰ পিচত মুখ্যমন্ত্ৰীগৰাকী নিৰ্মীয়মান চেলেক-ধুনাগুৰি দলং পৰিদৰ্শন কৰিবলৈ ৰাওনা হয় ৷ প্ৰতিকূল বতৰৰ মাজতে নিৰ্মীয়মান দলংখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চেলেক-ধুনাগুৰি দলঙৰ নিৰ্মানস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিও তেওঁ নিবাচনী প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত হৈছে, তথাপি এদিন আগতীয়াকৈ আহিছে মাজুলী-যোৰহাট আৰু ধুনাগুৰি দলঙৰ নিৰ্মানস্থলী পৰিদৰ্শনৰ বাবে । ২৬ বিধানসভাৰ নিৰ্বাচনৰ আগত দুয়োখন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নিৰ্মীয়মান যোৰহাট-মাজুলী সংযোগী দলংখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিহে একো অসুবিধা নহয়, দলংখন ২০২৬ চনৰ এপ্ৰিল মাহত মুকলি কৰি দিব পৰা যাব । উল্লেখ্য যে সোমবাৰে পুৱা মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ম’হৰিচকুলৈ ১৩ কিঃমিঃ চাইকেল ৰেলী কৰিব ৷ য’ত বিজেপিৰ ৭০০০ কাৰ্যকর্তাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । যোৰহাট লোকসভা সমষ্টিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাট সমষ্টিত আগতেও বিজেপি জিকিছিল, এতিয়াও জিকিব ।

যোৰহাটবাসীৰ সেৱা আৰু তেওঁলোকৰ আশা পূৰণৰ ওপৰত মনোযোগ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বৰঝাৰ বিমান বন্দৰত হাহাকাৰ: বৰষুণতে খহি পৰিল চিলিং, ভিতৰে-বাহিৰে কেৱল পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.