ETV Bharat / state

বৰঝাৰ বিমান বন্দৰত হাহাকাৰ: বৰষুণতে খহি পৰিল চিলিং, ভিতৰে-বাহিৰে কেৱল পানী - RAINFALL INSIDE GUWAHATI AIRPORT

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:35 PM IST

Guwahati Airport: আদানী গ্ৰুপৰ অত্যাধুনিক বিমান বন্দৰৰ চিলিং খহিল এজাক বৰষুণতে ৷ বিমান বন্দৰৰ ভিতৰে-বাহিৰে সমান পানী ৷ কোনোমতে ৰক্ষা পৰিল যাত্ৰী ৷

Guwahati Airport
বৰঝাৰ বিমান বন্দৰত হাহাকাৰ

বৰঝাৰ বিমান বন্দৰত হাহাকাৰ

গুৱাহাটী, 31 মাৰ্চ: এজাক বৰষুণতে গুৱাহাটীৰ আভিজাত্য উটি যোৱাৰ বাতৰি বহুত হ’ল ৷ বৰষুণ দিলেই মহানগৰীৰ ৰাজপথত সৃষ্টি হয় বান ৷ সেয়া এতিয়া নতুন কথা নহয় ৷ নতুন খবৰটো হ’ল যে আগতকৈ ভাল হ’ব বুলি ভাবি 2021ৰ অক্টোবৰত আদানী গ্ৰুপক অৰ্পন কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত এতিয়া পানীয়েই পানী ৷ বৰষুণৰ পানীৰে উপচি পৰিল অত্যাধুনিক বিমান বন্দৰটো ৷

অত্যাধুনিকতাৰ পোচাক নেওচি দেওবাৰে কলহৰ মুখেৰে পানী পৰিল বিমান বন্দৰৰ ভিতৰত ৷ মুষলধাৰে অহা শিল-বৰষুণৰ পানী বিমান বন্দৰটোৰ ভিতৰত সোমোৱাৰ ফলত স্বাভাৱিকতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ বিমান বন্দৰটোৰ একাংশ কৰ্মচাৰী আন কামৰ পৰিৱৰ্তে জমা হোৱা বৰষুণৰ পানী টোকাত ব্যস্ত হৈ পৰা দেখা যায় ৷ আনহাতে আদানী গ্ৰুপৰ নেতৃত্বত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ টাৰ্মিনেলৰ চাদো খহি পৰে ৷

দেওবাৰে বিয়লি অহা ধাৰাসাৰ বৰষুণত উটি গ’ল অত্যাধুনিক বিমান বন্দৰটোৰ আভিজ্যাত্য ৷ জানিব পৰা মতে বৰষুণ পৰাৰ ফলত কেবাটাও অত্যাধুনিক মেচিন বিকল হৈ পৰিছে । ইফালে যাত্ৰীৰ লগতে আন লোকসকল থাকিবলৈও ঠাইৰ অভাৱ হৈছে বিমান বন্দৰটোত ।

উল্লেখ্য যে দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰৱল শিলাবৃষ্টি পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ মহানগৰীৰ পশ্চিম প্ৰান্তৰ জালুকবাৰী, ধাৰাপুৰ, আজাৰা, মিৰ্জা, বিজয়নগৰ অঞ্চলৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হয় ৷

দক্ষিণ কামৰূপৰ মিৰ্জা, পলাশবাৰী অঞ্চলত ধুমুহাৰ সৈতে কিছু পৰিমানে শিলাবৃষ্টি হয় । প্ৰৱল বৰষুণ আৰু ধুমুহাৰ ফলত অৱশ্যে কোনো ক্ষয় ক্ষতি হোৱাৰ খবৰ এই মুহূৰ্তলৈকে লাভ কৰা নাই ৷

লগতে পঢ়ক: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃদ্ধি পাইছে বিদেশী যাত্ৰীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.