ETV Bharat / state

ভূমি বেদখলমুক্ত কৰাৰ দাবী, প্ৰতিবাদকাৰী সংগঠনসমূহক সমৰ্থন JACASৰ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:56 PM IST

Kheroni incident: কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন সংগঠনে উত্থাপন কৰা দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে স্বায়ত্ত শাসিত ৰাজ্যৰ যুটীয়া কৰ্ম সমিতিয়ে । বন্ধ সন্দৰ্ভত প্ৰতিটো সংগঠনৰে স্থিতি স্পষ্ট কৰাৰ আহ্বান যৌথ মঞ্চৰ । খেৰণি ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী ।

Kheroni incident
ভূমি বেদখলমুক্ত কৰাৰ দাবীত প্ৰতিবাদ কৰা সংগঠনক সমৰ্থন JACASৰ

ভূমি বেদখলমুক্ত কৰাৰ দাবীত প্ৰতিবাদ কৰা সংগঠনক সমৰ্থন JACASৰ

ডিফু, ১৭ ফেব্ৰুৱাৰী: যোৱা ১৫ ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন সংগঠনে উত্থাপন কৰা দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কেইবাটাও সংগঠনৰ যৌথ মঞ্চ স্বায়ত্ত শাসিত ৰাজ্যৰ যুটীয়া কৰ্ম সমিতিয়ে (JACAS) । ১৫ ফেব্ৰুৱাৰীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে এই যৌথ মঞ্চই । লগতে এই ঘটনাৰে জড়িত সকলো দোষীক আটক কৰি আইন অনুসৰি কঠোৰ শাস্তি প্ৰদানৰো দাবী জনায় যৌথ মঞ্চই ।

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালকৈ সকলো সংগঠনকে নিজৰ মাজত সমন্বয় ৰক্ষা কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় যৌথ মঞ্চৰ অধ্যক্ষ খৰছিং টেৰণে । ইফালে সামাজিক মাধ্যমত একাংশ লোকে সমগ্ৰ বিষয়টোক সাম্প্ৰদায়িক কৰাৰ চেষ্টা চলোৱা বুলিও টেৰণে অভিযোগ কৰে । সেয়ে এই ক্ষেত্ৰত প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ টেৰণে দাবী জনায় ।

ইয়াৰ মাজতে কাৰ্বি আংলঙত অব্যাহত থকা অঘোষিত বন্ধ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বহুকেইটা সংগঠনে বন্ধৰ আহ্বান দিয়া নাই বুলি স্পষ্টীকৰণ দিছে । আনহাতে প্ৰতিবাদত জড়িত হৈ থকা আন সংগঠনসমূহকো সোনকালে নিজৰ স্থিতি স্পষ্ট কৰি স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ যৌথ মঞ্চই আহ্বান জনায় ।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙত কে এছ এৰ সদস্যক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ মাজতে আৰক্ষীয়েও বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত শুকুৰবাৰলৈ আৰক্ষীয়ে ১৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক :কাৰ্বি আংলং জিলাৰ খেৰণিত উত্তেজনা, ১৭ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.