ETV Bharat / state

কাৰ্বি আংলং জিলাৰ খেৰণিত উত্তেজনা, ১৭ জনক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 7:33 PM IST

Kheroni violence
কাৰ্বি আংলঙত অব্যাহত উত্তেজনা

Kheroni violence : কাৰ্বি আংলঙত অব্যাহত উত্তেজনা । প্ৰতিবাদকাৰীক আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া । ঘটনা সন্দৰ্ভত ৰুজু গোচৰ ।

নগাঁও, 16 ফেব্ৰুৱাৰী : পশ্চিম কাৰ্বি আংলঙত কে এছ এৰ সদস্যক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত অব্যাহত আছে উত্তেজনা ৷ ভূমি বেদখলমুক্ত আৰু ভূমি পট্টা প্ৰদানৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল কে এছ কে ধৰি অন্য সংগঠনে ৷ কিন্তু প্ৰতিবাদকাৰীৰ ওপৰত ভূমি পট্টা বিচৰা একাংশই হঠাৎ আক্ৰমণ কৰাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী আহত হয় ৷ যাক লৈ সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

জিলাখনৰ খেৰণিত শুকুৰবাৰে আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰে কাৰ্বি আংলঙৰ একাধিক সংগঠনে ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী, চি আৰু পি এফ মোতায়েন কৰিবলগীয়া হয় ৷ ইফালে পশ্চিম কাৰ্বি আংলং জিলাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ কঠোৰ হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ৷ শুকুৰবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা ঘটনাৰে জৰিত 17 জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰা মতে ইতিমধ্যেই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ ৷ খেৰণি আৰক্ষী থানাত 12/2024 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 341/ 147/ 143/ 294/ 120B/ 153A 325/ 307/ 506/ 427 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ এই গোচৰৰ ভিত্তিতে এই পৰ্যন্ত 17 জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাব বুলিও উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে ৷ আইন হাতত লোৱাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলিও সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক : দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.