দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা
KSA protest :পশ্চিম কাৰ্বি আংলঙত কেএছএ সদস্যসকলৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ ৷ ডিফু চহৰ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কেএছএ সমৰ্থকৰ

Published : February 16, 2024 at 12:22 PM IST
ডিফু, 16 ফেব্ৰুৱাৰী: মাটিৰ পট্টাৰ বাবে কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ভিলেজ গেজিং ৰিজাৰ্ভ আৰু প্ৰফেচনেল গেজিং ৰিজাৰ্ভত বসবাস কৰা লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে দাবী জনায় ৷ মাটিৰ পট্টা নিদিবলৈ বৃহস্পতিবাৰে ডংকাত ASDC দলৰ য়ুথ ফ্ৰন্টে প্ৰতিবাদ কৰিছিল ৷ মাটিৰ পট্টা সম্বন্ধীয় বিষয়ক লৈ হোৱা সংঘাতে সমগ্ৰ পাহাৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ডংকাত ASDC দলৰ য়ুথ ফ্ৰন্টে প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰি ঘূৰি অহাৰ সময়তে সংঘটিত হয় তীব্ৰ সংঘাতৰ সূত্ৰপাত ৷ খেৰণি চাৰিআলিত ভিলেজ গেজিঙত দীৰ্ঘদিনৰ পৰা বসবাস কৰা একাংশ লোকৰ লগত প্ৰতিবাদকাৰীৰ তৰ্ক-বিৰ্তক আৰু মাৰপিট হয় ৷ এই ঘটনাত ছগৰাকী যুৱক আহত হয় বুলি জানিবলৈ পৰা গৈছে ৷ আনকি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দুজনমানক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰৰ পুৱাৰে পৰা ডিফু বজাৰ বন্ধ ঘোষণা কৰে কাৰ্বি ছাত্ৰ সন্থাৰ লগতে আন আন দল সংগঠনবোৰে ৷ খেৰণিৰ ঘটনাক লৈ যাতে বিহাৰী-কাৰ্বি লোকৰ মাজত সংঘাতৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷
এ পি এইছ এল চিৰ দলে খেৰণিৰ ঘটনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন বন্ধৰ আহ্বান জনোৱাৰ বিপৰীতে কাৰ্বি ছাত্ৰ সন্থাৰ জিলা সভাপতি বিষ্ণু ফাংচই কয় যে কপিলী সমষ্টিৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৱন কুমাৰৰ প্ৰৰোচনাত কাৰ্বি ছাত্ৰ সন্থা আৰু ASDC ৰ য়ুথ ফ্ৰন্টৰ যুৱকসকলক মাৰপিট কৰে ৷ তেওঁলোকে অনিৰ্দিষ্টকালীন সময়ৰ বাবে বজাৰ বন্ধৰ আহ্বান জনাইছে ৷
লগতে পঢ়ক: ভিজিআৰ পিজিআৰত থকা লোকক উচ্ছেদৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ

