ETV Bharat / state

ভিজিআৰ পিজিআৰত থকা লোকক উচ্ছেদৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:40 AM IST

ASDC YOUTH FRONT and KSA PRESS MEET ON NUNIA COMINUTY
সংবাদমেল যোগে ভিজিআৰ পিজিআৰত থকা লোকক উচ্ছেদৰ দাবী

ASDC youth front and KSA press meet : এ এছ ডি চি য়ুথ ফ্ৰন্ট আৰু কে এছ এ এক সংবাদমেলযোগে ভিজিআৰ পিজিআৰত থকা বসতি উচ্ছেদৰ দাবী জনায় ৷ জৰীপ চলায় কিমান মানুহে কিমান মাটি দখল কৰি আছে তাৰ তথ্য উলিয়াবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আহবান জনায় ৷

সংবাদমেল যোগে ভিজিআৰ পিজিআৰত থকা লোকক উচ্ছেদৰ দাবী

ডিফু, 6 ফ্ৰেব্ৰুৱাৰী : এ এছ ডি চি দলৰ য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই সোমবাৰে ডিফুত এখন সংবাদমেল আহ্বান কৰে ৷ সংবাদমেলযোগে উচ্ছেদৰ দাবী জনায় সংগঠন দুটাই ৷ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ভেলেজ গেজিং ৰিজাৰ্ভ আৰু প্ৰফেচনেল গেজিং ৰিজাৰ্ভত বসবাস কৰি থকা লোকসকলক উচ্ছেদৰ দাবী জনাইছে এ এছ ডি চি দলৰ য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই ৷

ডিফুৰ এ এছ ডি চি দলৰ কাৰ্যালয়ত সংগঠন দুটাৰ যুৱ নেতা য়ুথ ফ্ৰন্টৰ বিত্ত সম্পাদক গুলচন ৰংফাৰ, প্ৰচাৰ সচিব লিপচন ক্ৰ’ আৰু কাৰ্বি ছাত্ৰ সন্থাৰ উপ-সভাপতি মণ্ডল ইংহি আৰু মণিৰাম টেৰণ কংকাতে এখন সংবাদমেল সম্বোধন কৰে ৷ তেওঁলোকে কয় যে বিশাল কাৰ্যসূচীৰে ডিফুত আয়োজন কৰা হৈছিল কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী ৷

17 জানুৱাৰীৰ দিনা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷ কিন্তু শ্বিলঙত উপস্থিত হোৱা ৰাষ্ট্ৰপতিক নুনিয়া সংযুক্ত সংঘই এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

এই স্মাৰক পত্ৰযোগে সংঘই খেৰণিৰ ভেলেজ গেজাং ৰিজাৰ্ভ আৰু উত্তৰ বৰবিলৰ প্ৰফেচনেল গেজিং ৰিজাৰ্ভত বসবাস কৰা লোকসকলক মাটিৰ অধিকাৰ প্ৰদানৰ দাবী জনায় ৷ সোমবাৰে আয়োজিত সংবাদমেলত এ এছ ডি চি দলৰ য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই উল্লেখ কৰে ৷ সংগঠন দুটাই এই আবেদনৰ বিৰোধিতা কৰি এই দুই স্থানত জৰীপ চলায় কিমান মানুহে কিমান মাটি দখল কৰি আছে তাৰ তথ্য উলিয়াবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আহবান জনায় ৷ জৰীপ চলাই তাত উচ্ছেদ চলোৱাৰো দাবী কৰে সংগঠনকেইটাই ৷

লগতে পঢ়ক : উখল-মাখল কাৰ্বি যুৱ মহোৎসৱস্থলী, ৰাষ্ট্ৰপতি আগমনক লৈ তৎপৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.