ETV Bharat / state

ইউনিফর্মৰ টকা খাই সাৰি যাব নোৱাৰিব কোনো, মিছন চলাব মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 6:43 PM IST

Updated : Feb 8, 2024, 7:46 PM IST

Assam CM in assembly: সদনত মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্ম কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ ক্ষেত্ৰত কৰা নহ'ব কোনো ধৰণৰ আপোচ । উৎকৃষ্ট হ’ব লাগিব ইউনিফৰ্ম । মান নিৰূপণৰ বাবে বিধায়কৰে গঠন হ’ব ৰাজহুৱা কমিটী । বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

mid day meal
Assam assembly budget session

ইউনিফৰ্ম কেলেংকাৰীৰ বিৰুদ্ধে মিছন চলাব মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা অৰ্থাৎ বৃহস্পতিবাৰে শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্ম কেলেংকাৰীৰ প্ৰসংগটো চৰ্চালৈ আহে । এই বিষয়টোত কেইবাগৰাকী বিধায়কে সদনৰ দৃষ্টি আকৰ্ষণ কৰে । মধ্যাহ্ন ভোজনৰ লগতে ইউনিফৰ্মৰ ক্ষেত্ৰত হৈ থকা কেলেংকাৰীৰ বিভিন্ন তথ্য সদনত দাঙি ধৰে কেইগৰাকী বিধায়কে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে সদনত বিধায়ক ৰফিকুল ইছলামে তেওঁৰ সমষ্টিৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজন নিদিয়াকে ধৰি বিদ্যালয়ৰ বিভিন্ন শিতানত দিয়া অনুদান আত্মসাৎ কৰাৰ তথ্য দাঙি ধৰে । এই বিষয়ে সঞ্চালকৰ কাৰ্যালয়ত চাৰিমাহ পূৰ্বে অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোও তেওঁ সদনত উল্লেখ কৰে ।

বিধায়কগৰাকীয়ে সদনত উত্থাপন কৰা এই অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাৰিমাহ আগতে অভিযোগ দিয়াৰ পাছতো যদি সঞ্চালকে ব্যৱস্থা গ্ৰহণ কৰা নাই তেন্তে আজিয়েই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই বিষয়টো চাবলৈ শিক্ষামন্ত্ৰীক কোৱা হ'ব আৰু শিক্ষামন্ত্ৰীয়ে সকলো চাই কাইলৈ বিবৃত্তি দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে কয় ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে চাৰি মাহ ধৰি বিষয়টো পেলাই ৰখা সন্দৰ্ভত কঠোৰতম ব্যৱস্থা লোৱা হ'ব । ইয়াত কোনো ধৰণৰ আপোচ কৰা নহ'ব । প্ৰতিবছৰে ইউনিফৰ্মৰ বাবে পুঁজিৰ যোগান ধৰা হয় বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বহু বিদ্যালয়ত শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মান বহুত ভাল দেখা যায় আৰু বহু বিদ্যালয়ত বেয়া দেখা যায় । ইয়াৰ পৰা এটা কথা বুজা যায় যে একাংশই ইউনিফৰ্মৰ পুঁজি ভালদৰে ব্যৱহাৰ কৰিছে আৰু আন একাংশই ভালদৰে ব্যৱহাৰ কৰা নাই । এইক্ষেত্ৰত এই বছৰটোত এটা মিছন হ'ব যে ইউনিফৰ্ম কেনেকৈ ভালৰো ভাল দিব পৰা যায় ।

মধ্যাহ্ন ভোজনৰ উপৰিও ইউনিফৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে । বিধায়কসকলক নিজৰ সমষ্টিৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ ইউনিফৰ্ম চাই গ্ৰেডিং কৰাৰ বাবে আহ্বান জনায় ড৹ শৰ্মাই । তেওঁ লগতে জনায় যে গ্ৰেডিং অনুসৰি নিম্নমানৰ ইউনিফৰ্ম দি পুঁজি আত্মসাৎ কৰা ঘটনাৰ বিষয়ে অৱগত কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

মুখ্যমন্ত্ৰীয়ে ইউনিফৰ্মৰ পুঁজি আত্মসাৎ কৰা ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰে । মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ টকা আত্মসাতৰ পৰা অসমক মুক্ত কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । লোকসভা নিৰ্বাচনৰ পাছত এইটো এটা বিশেষ মিছন হ'ব বুলি সদৰী কৰি বিধায়কসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকক লৈ ৰাজহুৱা কমিটী কৰি দিয়া হ'ব । যাতে শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মান উৎকৃষ্ট হয় ।

লগতে পঢ়ক: অসমত যুগ যুগ ধৰি বসবাস কৰি থকা সকলেই খিলঞ্জীয়া : মুখ্যমন্ত্রী

Last Updated :Feb 8, 2024, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.