ETV Bharat / state

মাতৃৰ সন্মুখৰ পৰাই দুবছৰীয়া শিশুক অপহৰণ কৰিলে অবৈধ প্ৰেমিকে - Guwahati Kidnapping Case

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 3:49 PM IST

অবৈধ সম্পৰ্কৰ বাবে অপহৰণ দুবছৰীয়া শিশুক ৷ ভয়-ভাবুকিৰে মাতৃৰ সন্মুখৰ পৰাই অবৈধ প্ৰেমিকে অপহৰণ কৰিলে কণমানি শিশু ৷

KIDNAPS CHILD OVER ILLICIT AFFAIR
অবৈধ প্ৰেমিকে অপহৰণ কৰিলে কণমানি শিশু

বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী, 10 এপ্ৰিল : মহানগৰীৰৰ বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ অবৈধ সম্পৰ্কৰ বাবেই দুৰ্বৃত্তই অপহৰণ কৰিলে দুবছৰীয়া সন্তানক ৷ চোকা অস্ত্ৰৰ ভয় দেখুৱাই মাতৃৰ সন্মুখৰ পৰাই অবৈধ প্ৰেমিকে অপহৰণ কৰিলে কণমানি শিশু ৷ গড়চুক আৰক্ষীয়ে পলাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অপহৰণকাৰীক ৷

মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে চুৰি-ডকাইত, হত্যা-অপহৰণ দৰে অপৰাধজনিত ঘটনা ৷ মঙলবাৰৰ দিনটোত মহানগৰীৰ বৰাগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৰাগাঁৱৰ জনৈক গগৈ বৰুৱা উপাধিৰ বিবাহিতা মহিলা এগৰাকীৰ সৈতে এবছৰৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল পবিত্ৰ দাস নামৰ এজন লোকৰ ৷ মঙলবাৰে দিনৰ ভাগত স্বামী নথকাৰ সময়ত মহিলাগৰাকীৰ বৰাগাঁৱৰ ভাড়া ঘৰলৈ আহিছিল পবিত্ৰ দাস ৷ মহিলাগৰাকীক পবিত্ৰ দাসে বৰ্তমানৰ স্বামীক এৰি সন্তানসহ পলায়নৰ বাবে লগ ধৰিছিল ৷ পবিত্ৰ দাসৰ প্ৰস্তাৱত মহিলাগৰাকী মান্তি নোহোৱাৰ বাবে মাতৃৰ সন্মুখতে কণমানি সন্তানটিৰ ডিঙিত চোকা অস্ত্ৰ লগাই অপহৰণ কৰি এখন ৰঙা ৰঙৰ চুইফট বাহনত লৈ যায় ৷

এই ঘটনাৰ পিচতে মহিলাগৰাকীয়ে স্বামীয়ে অৱগত কৰাত তেওঁ লগে লগে গড়চুক আৰক্ষীক অৱগত কৰে ৷ গড়চুক আৰক্ষীয়ে অভিযুক্ত পবিত্ৰ দাসৰ ম’বাইল লোকেশ্যন ট্ৰেক কৰি অনুসন্ধান আৰম্ভ কৰে ৷ শিশুটি অপহৰণ কৰি প্ৰথমে পবিত্ৰ দাসে বিজয় নগৰৰ ঘৰলৈ লৈ গৈছিল যদিও পুনৰ তাৰ পৰা উভতি ব্ৰহ্মপুত্ৰত শিশুটোৰ সৈতে আত্মহত্যাৰ কৰাৰ মানসেৰে আহি থকা অৱস্থাত আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে গড়চুক আৰক্ষীয়ে পলাশবাৰীৰ পৰা গড়চুক থানালৈ লৈ আহিছে অপহৰণকাৰীটোক ৷ লগতে জব্দ কৰিছে AS 01 FS 6139 নম্বৰৰ ছুইফট বাহনখন ৷

লগতে পঢ়ক : ৰাজ্যত সক্ৰিয় ফ্লায়িং স্কোৱাড; এই পৰ্যন্ত জব্দ 102 কোটি টকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.