ETV Bharat / state

লখিমপুৰত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 8:41 PM IST

Govt Employees Protest : শনিবাৰে লখিমপুৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Govt Employees Protest
অৱস্থান ধৰ্মঘট কাৰ্যসূচী

এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি

লখিমপুৰ, 20 জানুৱাৰী : লখিমপুৰত পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে শনিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদথলীত তেওঁলোকে কয় যে, ৰাজ্যৰ কর্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য এন পি এছ ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যবস্থা পুনৰ প্ৰতিষ্ঠাৰ বাবে দীর্ঘদিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে ৷ কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আশানুৰূপ সহাঁৰি পোৱা নাই ৷

পেন্সন এক সেৱা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, ইয়াৰ প্ৰকৃত লক্ষ্য হ'ল কৰ্মচাৰীসকলক অৱসৰকালীন সময়ত আৰ্থিকভাবে সকাহ দি সামাজিক সুৰক্ষা প্ৰদান কৰা ৷ ইতিমধ্যে এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত 10 হেজাৰৰো অধিক শিক্ষক-কর্মচাৰীৰ অর্থনৈতিক দৈন্যতাৰ লগতে ক্ষমতাশালী অর্থনৈতিক শক্তিৰ কৱলত ককবকাই থকা দেশৰ অর্থনৈতিক প্ৰতিচ্ছবি দেখি প্ৰতি গৰাকী কৰ্মচাৰীয়ে অৱসৰৰ সময়ত আহিবলগীয়া পৰিৱেশত ভালকৈ উপলব্ধি কৰা বুলি কয় প্ৰতিবাদকাৰী সকলে ৷ ভাৰতৰ আন কেইবাখনো ৰাজ্যই কৰ্মচাৰীসকলৰ প্ৰতি মানৱীয় সহৃদয়তা দেখুৱাই পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছে, কিন্তু অসমত সেয়া হৈ উঠা নাই ৷

অসমৰ কৰ্মচাৰী সকলৰ অৱসৰী জীৱন সুৰক্ষিত কৰিবলৈ পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কর্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ দাবী জনায় ৷ এই কাৰ্যসূচীত সন্থাৰ জিলা সভাপতি ভাস্কৰ দলে আৰু সম্পাদক প্ৰদীপ বৰুৱাসহ ভালেখিনি কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ পাছত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.