ETV Bharat / state

ভূপেন বৰাৰ বাবে আৰু এটা বেয়া খবৰ: মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ দাদু টায়েৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 4:58 PM IST

Updated : Feb 15, 2024, 7:24 PM IST

Assam Congress crisis: কংগ্ৰেছৰ বিপৰ্যয়ৰ যেন অন্তই পৰিব খোজা নাই ৷ ইজনৰ পিচত সিজনকৈ নেতাই দল এৰি লগ লাগিছে বিজেপিৰ ৷ বুধবাৰে গোলাঘাট জিলা কংগ্ৰেছ সভাপতি দাদু টায়েই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে ৷ ইয়েই ইংগিত বহন কৰিছে কংগ্ৰেছত পুনৰ হ’বলগীয়া খহনীয়াৰ ৷

Assam Congress crisis
Lok sabha election 2024

দাদু টায়ে

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী: অসমৰ ৰাজনীতিৰ খবৰ ৰখাসকলে শেহতীয়াকৈ আমোদ লভিছে প্ৰদেশ কংগ্ৰেছত চলি থকা নাটকখন চাই ৷ ইজনৰ পিচত সিজনকৈ নেতাই এৰিছে দল ৷ কাৰ কথা ক’ব ? অংকিতা দত্ত, বিস্মিতা গগৈ নে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ৷ নে অতি শেহতীয়াভাৱে কংগ্ৰেছতে থাকি বিজেপিক সমৰ্থন আগবঢ়াবলৈ মৰসাহ কৰা চাৰি বিধায়ক শশীকান্ত দাস, ছিদ্দিক আহমেদ, কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ কথাই শুনিব ৷ মুঠতে নাটক জমি উঠিছে ৷

ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটো এৰিব খোজা নেতাৰ তালিকাখন পিচে ইমানতে অন্ত পৰা নাই ৷ আন কেইবাগৰাকীয়েও ঠেং দাঙি আছে বিজেপি বা অগপলৈ হাইজাঁপ মাৰিবলৈ ৷ ৰাণা গোস্বামী আৰু প্ৰদ্যুৎ বৰদলৈৰ নামো চৰ্চিত হৈছে ৷ চৰ্চাত আছে আৰু দুই বিধায়ক প্ৰদীপ সৰকাৰ আৰু নন্দিতা দাসৰ নামো ৷ কোন মুহূৰ্তত কংগ্ৰেছ এৰি এইসকল নেতাই ৰং সলনি কৰে তাৰ যেন কোনো ঠিক নাই ৷ অৱশ্যে এইবোৰ কথালৈ গুৰুত্ব নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

Assam Congress crisis
মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ

এইখিনিতে এটা গৰম খবৰ দিওঁ ৰ’ৱ ৷ বুধবাৰে গোলাঘাটৰ শ্যাম গাঁৱলৈ যোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সন্মান জনালে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েই ৷ কংগ্ৰেছে হয়তো আমুৱাইছে এইগৰাকী নেতাকো ৷ সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত মুখ্যমন্ত্ৰীক এখন জনগোষ্ঠীয় গলবস্ত্ৰ পিন্ধাই সন্মান জনোৱাৰ লগতে সাক্ষাৎ কৰিলে দাদু টায়েই ৷ ১৯ ফেব্ৰুৱাৰীত এইজন নেতাই বিজেপিত যোগদান কৰিব বুলিও চৰ্চা চলিছে ৷

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিছে অচিৰেই গেৰুৱা বসন পিন্ধাৰ গোপন অভিসন্ধি পাঙিছে নেকি দাদু টায়েই ? যদি তেনেকুৱাই হয়, তেন্তে কংগ্ৰেছে হেৰুৱাব লাগিব দাদু টায়েৰ লগতে আন একাংশ কংগ্ৰেছ কৰ্মীক ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বাৰুকৈয়ে আহুকালত পৰিছে কংগ্ৰেছ দল ৷

অৱশ্যে এই কথা নস্যাৎ কৰিছে কংগ্ৰেছ নেতা দাদু টায়েই ৷ তেওঁ কয় যে এটা একান্ত ব্যক্তিগত কামৰ বাবেহে মুখ্যমন্ত্ৰীক লগ কৰিছিল ৷ এই সন্দৰ্ভত দলৰ সভাপতি ভূপেন বৰাকো জনোৱা বুলি মন্তব্য কৰে দাদু টায়েই ৷ নিজৰ জিলাখনলৈ অহা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন গলবস্ত্ৰৰে সন্মান জনোৱাটো কোনো ভুল হ’ব নোৱাৰে বুলি উল্লেখ কৰি ইয়াত কোনো ৰাজনৈতিক স্বাৰ্থ জড়িত নাই বুলিও সঁকীয়াই দিয়ে নেতাগৰাকীয়ে ৷

উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাৰ নিৰ্দেশত আৰম্ভ হোৱা ’গাঁও চলো’ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ১৪ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ১নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহিছিল । নিশাটো শ্যাম গাঁৱতে যাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গাঁওখনৰ শ্যাম জনগোষ্ঠীয় ৰাইজে পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক । ৰাইজে বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰিলে মুখ্যমন্ত্ৰীৰ সন্মুখত । তাৰ মাজতে বৃহস্পতিবাৰে সৰুপথাৰ সমষ্টিৰ শ্যাম গাঁৱত গোলাঘাট জিলাৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ তাৰ লগে লগেই চৰ্চা হৈছে, পুনৰ যেন এক খহনীয়াৰ সমুখীন হ’ব লাগিব কংগ্ৰেছ ৷

লগতে পঢ়ক: বিধায়ক কংগ্ৰেছৰ, সমৰ্থন চৰকাৰক : নুবুজা অংক বুজাবলৈ আহিব আৰু দুই কংগ্ৰেছ বিধায়ক

Last Updated :Feb 15, 2024, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.