ETV Bharat / state

সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী : বৃহৎ পৰিমাণৰ ধন জব্দ - Five gamblers arrested

Five gamblers arrested : অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে চৰাইদেউ ৷ সোণাৰিত জুৱাৰ বৃহৎ ঘাটি উচ্ছেদ কৰাৰ লগতে 5 জুৱাৰীক আটক কৰে আৰক্ষীয়ে ৷

Etv BharatFive gamblers arrested
সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী: বৃহৎ পৰিমাণৰ ধন জব্দ
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 3:36 PM IST

2 Min Read
Choose ETV Bharat
সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী: বৃহৎ পৰিমাণৰ ধন জব্দ

মৰাণ, 2 মে’ : ৰাজ্যজুৰি অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পাচতো গা ল’ৰা নাই একাংশ জুৱাৰীৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে পোহৰলৈ আহিছে জুৱাৰীৰ উপদ্ৰৱৰ ঘটনা ৷ আৰক্ষীৰ কঠোৰ অভিযানেও এতিয়া এইসকল জুৱাৰীৰ জুৱাৰ আড্ডা বন্ধ কৰিব পৰা নাই ৷

অসম আৰক্ষীক আধুনিকীকৰণ কৰা লগতে বৰ্তমান সময়ত অপৰাধ নিৰ্মূল কৰাত সদায় সজাগ সচেতন বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে কৈ থকা সময়ত ঐতিহাসিক চৰাইদেউ জিলাখন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ।

প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ উদ্ধাৰ হোৱা লগতে দিনক দিনে বৃদ্ধি পাইছে অবৈধ মদ আৰু বৃহৎ জুৱাৰ ঘাটি । ইয়াৰ মাজতে বুধবাৰে নিশা চৰাইদেউৰ সোণাৰিত জুৱাৰ বৃহৎ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । জুৱাৰ ঘাটি উচ্ছেদ কৰি সোণাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় পাঁচটা জুৱাৰীক ।

সোণাৰি নগৰৰ চেনীগুডামস্থিত প্ৰদীপ গগৈৰ ঘৰৰ পৰা আটক জুৱাৰীৰ দল এটাক । আটকাধীন জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে 45,710 টকাসহ 7 টা মোবাইল ফোন আৰু তাচপাত জব্দ কৰিবলৈ সক্ষম হৈছে ।

আটকাধীন জুৱাৰীকেইটা হ'ল ক্ৰমে গৌৰী প্ৰসাদ গগৈ, প্ৰদীপ পাল, বিশ্বজিৎ গগৈ, ৰাজু মালাকাৰ, আকবৰ শ্বেখ । ইয়াৰোপৰি জুৱাৰ আড্ডা বহা ঘৰটোৰ মালিক প্ৰদীপ গগৈকো আটক কৰে আৰক্ষীয়ে ৷

ইফালে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি সন্ধিয়া হ'লে গগৈৰ ঘৰত জুৱাৰ আড্ডা চলে ৷ স্থানীয় লোকে বহুবাৰ সকিয়নী দিছিল যদিও গগৈ তথা জুৱাৰীৰ দলটোৱে কাণসাৰ দিয়া নাছিল ৷

আনহাতে, ধৃত গগৈয়ে কয় যে, তেওঁ দোকান বন্ধ কৰিবলৈ লওঁতেই যুৱকৰ দলটোৱে আহি দোকানখনৰ ভিতৰত অলপ ধেমালি কৰিম বুলি কৈছিল ৷ তেওঁ কৈছিল যে তেওঁ দোকানখন বন্ধ কৰিবলৈ লৈছে ৷ কিন্তু দলটোৱে খেলিম বুলিহে আহিছিলি ৷ জুৱাৰ আড্ডা হোৱা নাছিল ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: আইপিএল জুৱা, দিল্লী আৰক্ষীৰ জালত ৩ জুৱাৰী - IPL betting