ETV Bharat / state

হাতত পুত্ৰৰ ফটো লৈ নাৰায়ণপুৰৰ অলিয়ে-গলিয়ে ঘূৰিছে গুজৰাটৰ এগৰাকী লোক - Gujarat Boy Missing in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 3:38 PM IST

Updated : Apr 4, 2024, 5:17 PM IST

Gujarat Boy Missing in Assam
নাৰায়ণপুৰৰ অলিয়ে-গলিয়ে ঘূৰিছে গুজৰাটৰ এগৰাকী লোক

Gujarat Boy Missing in Assam: নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি নাৰায়ণপুৰৰ অলিয়ে-গলিয়ে ঘূৰি ফূৰিছে এগৰাকী পিতৃ ৷ গুজৰাটৰ লোকজন নাৰায়ণপুৰত উপস্থিত হৈ পুত্ৰক বিচাৰি চলাথ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

নাৰায়ণপুৰৰ অলিয়ে-গলিয়ে ঘূৰিছে গুজৰাটৰ এগৰাকী লোক

বিহপুৰীয়া, 4 এপ্ৰিল : বিগত এমাহৰ পৰা নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি নাৰায়ণপুৰত হাহাঁকাৰ কৰি ফুৰিছে গুজৰাটৰ এজন পিতৃয়ে ৷ গুজৰাটৰ মেহচানাৰ চেতন পেটেলৰ ১৭ বছৰীয়া পুত্ৰ চাহিল পেটেলক বিচাৰি এসপ্তাহ ধৰি নাৰায়ণপুৰৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে লোকজন । কাৰণ লোকজনক কোনো অজ্ঞাত লোকে নাৰায়ণপুৰত তেওঁৰ পুত্ৰ আছে বুলি ফোনযোগে অৱগত কৰাইছিল আৰু সেই ফোনকলৰ আঁতধৰি লোকজন ততাতৈয়াকৈ উপস্থিত হয় নাৰায়ণপুৰত ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে এসপ্তাহ ধৰি বিচাৰি চলাথ কৰিছে যদিও পুত্ৰৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই পিতৃ । উল্লেখ্য যে কিছু বছৰৰ পূৰ্বে চাহিল পেটেল চিনাকি হৈছিল নাৰায়ণপুৰৰ এগৰাকী কিশোৰীৰ সৈতে ৷ সেই চিনাকি প্ৰেমলৈ পৰিণত হোৱাৰ পিচতে গুজৰাটৰ কিশোৰগৰাকী নাৰায়ণপুৰৰ প্ৰেমিকাৰ কাষত উপস্থিত হৈছিল ৷ কিন্তু সেই সময়ত দুয়ো নাবালক-নাবালিকা হৈ থকাৰ বাবে পিতৃয়ে গুজৰাটৰ ঘৰলৈ উভতাই নিছিল চাহিলক ৷ শেহতীয়াকৈ এমাহ পূৰ্বে পুনৰ চাহিল নিৰুদ্দিষ্ট হোৱাৰ পিচত দুটা নম্বৰৰ পৰা ফোনকল যায় চাহিলৰ পিতৃলৈ ৷

6026021485 আৰু 9954425260 ফোন নম্বৰ দুটাৰ পৰা দুজন লোকে পিতৃক ফোন কৰি পুত্ৰক উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধনদাবী কৰিছিল যদিও উক্ত ফোন নম্বৰ দুটাৰ গৰাকীয়ে সম্প্ৰতি ফোন ৰিচিভ কৰা নাই । যাৰ বাবে পিতৃ এতিয়া বিপাঙত পৰিছে ৷ একমাত্ৰ পুত্ৰৰ ফটোখন হাতত লৈ নাৰায়ণপুৰ আৰু গহপুৰৰ অলিয়ে-গলিয়ে বিচাৰি ফুৰিছে পুত্ৰক ।

ইতিমধ্যে দুৰ্ভগীয়া লোকজনে নাৰায়ণপুৰ আৰু গহপুৰ আৰক্ষীৰ সহায় লৈছে যদিও আৰক্ষীয়ে অদ্যপি সন্ধান উলিয়াব পৰা নাই নিৰুদিষ্ট পুত্ৰৰ । সম্প্ৰতি যুৱকজনৰ মাতৃৰ লগতে পৰিয়ালৰ লোকসকল এতিয়া যথেষ্ট কষ্টত আছে । কোনো লোকে যদি যুৱকজনৰ কিবা সম্ভেদ লাভ কৰে তেন্তে 9726142638 নম্বৰত অথবা স্থানীয় আৰক্ষীক অবগত কৰিবলৈ কাতৰ আহ্বান জনাইছে পিতৃয়ে । পিতৃ-মাতৃৰ ওচৰলৈ সোনকালে ঘূৰি আহিবলৈও সংবাদ মাধ্যমৰ জৰিয়তে পুত্ৰৰ প্ৰতি আহ্বান জনাইছে ৷

চাহিল পেটেলৰ প্ৰতি পিতৃয়ে আহ্বান জনাইছে যে তেওঁৰ মাতৃও বৰ্তমান অসুস্থ হৈ আছে ৷

লগত পঢ়ক: বিহপুৰীয়াৰ ৰেস্তোৰাঁত মুৰ্গীৰ মাংসৰ সলনি গ্ৰাহকক খুৱালে পঁইতাচোৰা

Last Updated :Apr 4, 2024, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.