thumbnail

বিহপুৰীয়াৰ ৰেস্তোৰাঁত মুৰ্গীৰ মাংসৰ সলনি গ্ৰাহকক খুৱালে পঁইতাচোৰা - Hotel in Bihpuria

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 9:29 PM IST

বিহপুৰীয়া, 30 মাৰ্চ : খাদ্য সুৰক্ষা বিভাগৰ লগতে ৰেস্তোৰাঁ কৰ্তৃপক্ষই চূড়ান্ত হেমাহিৰ বাবেই অসুস্থ হৈ পৰিল এগৰাকী লোক ৷ বিহপুৰীয়াৰ এখন আগশাৰীৰ ৰেস্তোৰাঁ বি কে ভোজনালয়ত গ্ৰাহকক খুৱালে আন মাংসৰ সলনি পঁইতাচোৰা ৷ ভোজনালয়খনৰ ভাতৰ থালিত ওলাল পঁইতাচোৰা ৷

পেচাত এগৰাকী সাংবাদিকৰ ভাতৰ থালিতেই ওলাল পঁইতাচোৰা ৷ কৰ্তব্য সামৰি পদ্ম বৰা নামৰ সাংবাদিকগৰাকীয়ে এসাঁজ খোৱাৰ উদেশ্যে ৰেস্তোৰাঁখনত সোমাইছিল ৷ সাংবাদিকগৰাকীয়ে অৰ্ডাৰ দিছিল লোকেল মুৰ্গীৰ ৷ ভাতসাঁজ খাই থকাৰ সময়তেই মাংসৰ বাতিত ওলাল পঁইতাচোৰা ৷ ভাতৰ পাতত পঁইতাচোৰা দেখি সাংবাদিকগৰাকী হতভম্ভ হৈ পৰাৰ লগতে স্বাস্থ্যৰ অবনতি ঘটে তেওঁৰ । অৱশ্যে চিকিৎসকৰ কাষ চপাৰ পিচত বৰ্তমান সাংবাদিকগৰাকী সুস্থ যদিও সাংবাদিকগৰাকী মানসিকভাৱে ভাগি পৰিছে । ইপিনে এই সন্দৰ্ভত ৰেস্তোৰাঁখনৰ স্বতাধিকাৰীগৰাকীক সাংবাদিকগৰাকীয়ে সবিশেষ জনায় যদিও বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল ৷

এনেধৰনৰ ঘটনাৰ পিচত ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে ৰেস্তোৰাঁখনৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: মোদীক আদৰি বোকাখাতৰ চাহৰ হোটেলত সোণোৱাল, লগত বৰা-পাটোৱাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.