ভোট লাগে যদি গৰাখহনীয়া সমস্যাৰ সমাধান কৰিবলৈ দাবী তুলিলে এইসকলে... - Erosion in Tinsukia
Erosion in Tinsukia: তিনিচুকীয়াৰ নাওঁকটা, ফেলাই, হাতীঘূলী অঞ্চলত তীব্ৰ গৰাখহনীয়া ৷ সমস্যাটো স্থায়ী সমাধানৰ ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে সৰৱ আটছা ছৈখোৱা উপ-শাখা ৷ ভোট বৰ্জনৰ হুংকাৰ ৷

Published : March 30, 2024 at 12:45 PM IST
তিনিচুকীয়া, 30 মাৰ্চ: প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু যায় ৷ জনতাই লাভ কৰে নতুন চৰকাৰ আৰু নতুন জনপ্ৰতিনিধি ৷ পিছে সৰ্বসাধাৰণৰ সমস্যাহে থাকি যায় পূৰ্বৰ দৰে ৷ আমাৰ ৰাজ্যখনৰ এয়া এক পৰিচিত অৱস্থা ৷
নানা সমস্যাৰে জৰ্জৰিত তেনে এক অঞ্চল হৈছে তিনিচুকীয়াৰ শদিয়া ৷ প্ৰায় আঢ়ৈ দশক ধৰি গৰাখহনীয়াৰ কবলত শদিয়াৰ অন্তৰ্গত এক বৃহৎ অঞ্চল ৷ জিলাখনৰ নাওকটা, ফেলাই, হাতীঘূলি অঞ্চলত তীব্ৰ গৰাখহনীয়াৰ সমস্যা সৰ্বজনবিদিত ৷ 1998 চনৰে পৰা উল্লেখিত অঞ্চলকেইটাৰ লোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ কিন্তু এই সমস্যাৰ প্ৰতি কাণষাৰ নাই চৰকাৰ বা জনপ্ৰতিনিধিৰ ৷ গতিকে, এইবাৰ ৰাইজৰ হুংকাৰ- গৰাখহনীয়া সমস্যাৰ সমাধান কৰক অন্যথাই ভোট বৰ্জন ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে আটছা তালাপ শাখাৰ উদ্যোগত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু ছৈখোৱাবাসী ৰাইজৰ সহযোগত গ্ৰহণ কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷ সমস্যাৰ সমাধান দাবী কৰি মটৰ চাইকেল সমদল উলিওৱা হৈছিল ৷ এই কাৰ্যসূচীৰ জৰিয়তে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষলৈ গৰাখহনীয়া সমস্যাটো অতি শীঘ্ৰে স্থায়ী সমাধান কৰাৰ দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও আজি পৰ্যন্ত বিষয়টোৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
এই কাৰ্যত আটছা ছৈখোৱা উপ-শাখা আৰু স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে আৰু সমষ্টিটোৰ সাংসদ প্ৰদান বৰুৱাক ধিক্কাৰ জনায় । লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে আটছা ছৈখোৱা উপ-শাখাৰ লগতে স্থানীয় ৰাইজে ভোট বৰ্জন কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে নবৰমূৰা পঞ্চায়তত বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰে ।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে শদিয়া বিধানসভা সমষ্টিৰ ন বৰমূৰা পঞ্চায়তৰ অন্তৰ্গত নাওকাটা, ফেলাইকে ধৰি বহু অঞ্চল ৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে স্থানীয় কৃষকসকল ৷ চৰকাৰী উদ্যোগত জিঅ’ বেগ দিয়া হৈছিল যদিও ইয়াৰ দ্বাৰা দীৰ্ঘস্থায়ী সমাধান লাভ কৰিবলৈ সক্ষম নহ’ল কৃষকসকল ৷
লগতে পঢ়ক: ডিব্ৰু নৈৰ প্ৰৱল খহনীয়াত জাহ গ'ল কেইবাটাও বাসগৃহ - massive erosion of dibru river

