ETV Bharat / state

১০ বছৰেই মুকলি নহ'ল ধেমাজি জিলা বাছ আস্থান

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 3:24 PM IST

Dhemaji Development Authority
তেলিজাস্থিত আন্তঃজিলা বাছ আস্থান

Poor condition of Bus stand : বেচৰকাৰী অনুষ্ঠান আৰু সংগঠনে সভা,অধিৱেশনৰ বাবেহে ব্যৱহাৰ কৰি আহিছে তেলিজাস্থিত আন্তঃজিলা বাছ আস্থান । ২০১৪ চনতেই কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা বাছ আস্থানৰ ভৱনটোৰ পৰা আজিও ৰাইজে পোৱা নাই সুবিধা ।

তেলিজাস্থিত আন্তঃজিলা বাছ আস্থান

ধেমাজি , ১৭ ফেব্ৰুৱাৰী: এখনো বাছ প্ৰৱেশ নকৰকৈয়ে পুৰণি হ'ল ২০১৪ চনতেই নিৰ্মাণ আৰম্ভ কৰা ধেমাজি সদৰৰ সমীপৰ তেলিজাস্থিত আন্তঃজিলা বাছ আস্থানটো ৷ উল্লেখ্য যে কেইবা কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা এই ভৱনটো দেখাত ৰঙচঙীয়াকৈ নিৰ্মাণ কৰা হ'ল যদিও আশ্চৰ্যজনকভাৱে আজিকোপতি মুকলি নোহোৱাকৈয়ে আঁচবাব ভাঙি নি:শেষ হৈছে ৷ এই আস্থানৰ ভিতৰৰ মজিয়াত পৰি ৰৈছে ভঙা পানীৰ টেপ আৰু সংযোগবিহীন পানীৰ বেচিনত সুৰাৰ বটল ৷

ভাঙি-ছিঙি উন্মুক্ত হৈ পৰিছে আস্থানৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ দৱাৰ-খিৰিকী ৷ সংযোগবিহীন হাত ধোৱা বেচিন ৷ কোনো কোনো কোঠাৰ দেৱালত মেলিছে বৃহৎ বৃহৎ ফাঁট ৷ মুঠৰ ওপৰত মূল্যবান আচবাববোৰৰ অৱস্থা এতিয়া জৰাজীৰ্ণ হৈ পৰিছে ৷ অৱশ্যে আস্থানত বাছৰ প্ৰৱেশ নকৰিলেও ক'ভিড মহামাৰীৰ সময়ত ক'ভিড ৰোগীৰ বাবে ব্যবহাৰ কৰা হৈছিল ৷ সেইদৰে এতিয়া কেৱল বেচৰকাৰী অনুষ্ঠান আৰু সংগঠনে সভা,অধিৱেশনৰ বাবেহে ব্যৱহাৰ কৰি আহিছে এইটো নৱনিৰ্মিত আস্থানটো ৷

এতিয়াও বিৰাজমান হৈয়ে আছে কোনো অনুষ্ঠানে আয়োজন কৰা তোৰণ ৷ সভা অন্ত পৰিলেও তোৰণখন আঁতৰাবলৈ নাই কাৰো আহৰি ৷ কেতিয়ালৈ মুকলি হ'ব তাৰ নিশ্চয়তা নথকা সময়তে শেহতীয়াকৈ আস্থানটোৰ চৌহদতে ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ এখন ৱে ব্ৰীজ নিৰ্মাণকাৰ্য চলি থকা বিষয়টোক লৈ ধেমাজিত সচেতন মহলৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ এনে প্ৰতিক্ৰিয়াৰ মাজতে শুক্ৰবাৰে ধেমাজি বাছ আস্থানত আচম্বিতে উপস্থিত হৈ পৰিদৰ্শন কৰি বুজ লয় ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তুলন কোঁৱৰ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই ৷

ইপিনে, চকুৰ সন্মুখতেই এনেদৰে প্ৰকৃত উদ্দেশ্যৰ বিপৰীতে ৰাজহুৱা ধনৰ অপচয় হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে দল-সংগঠনে ৷ ৰাইজে অচিৰেই আস্থানটো মুকলি কৰিবলৈ ধেমাজিৰ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৷

লগতে পঢ়ক:চানডুবিৰ পাৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ! ৰহস্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.