ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন

Dibrugarh University: দেশৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলী উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা, গৱেষণা বিশ্ববিদ্যালয় হিচাপে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰে ২০০ কোটি টকা । উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ।

Dibrugarh University Upgradation
ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 4:52 PM IST

2 Min Read
Choose ETV Bharat
ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন

ডিব্ৰুগড়,২০ ফেব্ৰুৱাৰী: আজি দেশৰ আন কেইবাখনো বিশ্ববিদ্যালয়ৰ সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা, গৱেষণা বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ লগতে আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলী উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তদুপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা আদি উপস্থিত থাকে ।

উল্লেখ্য যে উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা কৰা বিশ্ববিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে । নতুন শিক্ষানীতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (পিএম-ইউএছএইচএ)ৰ অধীনত প্ৰকল্প অনুমোদন বোৰ্ডে (পিএবি) ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় (এমইআৰইউ) হিচাপে উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা পাছতে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশ্ববিদ্যালয় আন্তঃগাঠনিৰ উন্নয়ন আৰু শৈক্ষিক পৰিৱেশ সৃষ্টিৰ বাবে ১০ কোটি টকা লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খনলৈ প্ৰদান কৰে ১০০ কোটি টকা । প্ৰায় ৩২ টা শৈক্ষিক বিভাগ থকা বিশ্ববিদ্যালয়খনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই । এই খবৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক