ETV Bharat / state

ভিআইপিৰ কনভয় সন্ত্ৰাস; ডিজিপি সিঙৰ স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 4:25 PM IST

ভিআইপিৰ কনভয় সন্ত্ৰাস সন্দৰ্ভত ডিজিপিৰ স্পষ্টীকৰণ
ভিআইপিৰ কনভয় সন্ত্ৰাস সন্দৰ্ভত ডিজিপিৰ স্পষ্টীকৰণ

GP Singh on VIP Convoy Accident : এম্বুলেন্সত ৰোগী নাছিল । মন্ত্ৰীৰ কয়ভয়ৰ গাড়ীৰ খুন্দাত খানাপাৰাত যুৱকৰ মৃত্যুৰ ঘটনাত ড্ৰাইভাৰৰ বিৰুদ্ধে দুৰ্ঘটনাজনিত গোচৰ ৰুজু ৷ ডিজিপি জিপি সিঙৰ স্পষ্টীকৰণ ৷

গুৱাহাটী, ৭ মাৰ্চ : যোৰহাটৰ মন্ত্ৰীৰ কনভয়ত আবদ্ধ এম্বুলেন্সত ৰোগী নাছিল । আনহাতে, মন্ত্ৰীৰ কয়ভয়ৰ গাড়ীৰ খুন্দাত খানাপাৰাত যুৱকৰ মৃত্যুৰ ঘটনাত চালকৰ বিৰুদ্ধে দুৰ্ঘটনাজনিত গোচৰ ৰুজু হৈছে । সামাজিক মাধ্যমযোগে দুটা পৃথক পোষ্টত এই কথা সদৰী কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ।

জিপি সিঙৰ পোষ্ট
জিপি সিঙৰ পোষ্ট

মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবে মূৰৰ বিষ বাঢ়িছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ । গুৱাহাটীত যদি মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত নিৰীহ যুৱকৰ প্ৰাণ গৈছে, তেন্তে আকৌ যোৰহাটত মন্ত্ৰীৰ কনভয় পাৰ হৈ যাবৰ বাবে এম্বুলেন্স ৰখাই থবলগীয়া হৈছে ৷ দুয়োটা ঘটনাতে জড়িত কনভয় মন্ত্ৰী পীযুষ হাজৰীকাৰ আছিল বুলি ৰাজ্যজুৰি প্ৰচাৰ হৈছে । ৰাজ্যৰ সামজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে দুয়োটা ঘটনাই ৷ যাৰ বাবে আৰক্ষীৰ লগতে মন্ত্ৰীগৰাকী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । ফলত বাধ্য হৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমত এই দুয়োটা বিষয়ত বৃহস্পতিবাৰে স্পষ্টীকৰণ দিছে ৷

উল্লেখযোগ্য যে মাত্ৰ দুদিন পূৰ্বে গুৱাহাটীৰ খানাপাৰাত মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত ৰূপম বৰা নামৰ এজন যুৱকৰ মৃত্যু ঘটিছিল । এই কনভয় মন্ত্ৰী পীযুষ হাজৰীকাৰ বুলি ব্যাপক চৰ্চা হয় । সমগ্ৰ ঘটনা গাপ দি লুকুৱাবলৈ চেষ্টা কৰাৰো অভিযোগ উঠে ৷ মন্ত্ৰীগৰাকী আৰু অসম আৰক্ষীৰ নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সমালোচনা আৰম্ভ হয় আৰু ৰূপম বৰাৰ মৃত্যুৰ তদন্ত বিচাৰি সৰৱ হয় ।

খানাপাৰাত দুৰ্ঘটনাত পতিত বাহন
খানাপাৰাত দুৰ্ঘটনাত পতিত বাহন

আনহাতে, যোৰহাটত মন্ত্ৰীৰ কনভয়ৰ বাবেই এম্বুলেন্স ৰখি থকা দৃশ্য সমগ্ৰ ৰাজ্যতে ভাইৰেল হৈ পৰে । অৱশ্যে যোৰহাটৰ এম্বুলেন্সখনত কোনো ৰোগী নাছিল বুলি বৃহস্পতিবাৰে স্পষ্টীকৰণ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে । সামাজিক মাধ্যমত এই প্ৰসংগত জিপি সিঙে লিখিছে— “ভিআইপি কনভয়ৰ বাবে যোৰহাটত ৰখাই দিয়া এম্বুলেন্সৰ প্ৰচলিত ভিডিঅ' প্ৰসংগ— উক্ত এম্বুলেন্সৰ নম্বৰ : এএছ-০১-পিচি-৪৩৬৫ । শিবিৰ :ঢেকিয়াল পিএইচচি, গোলাঘাট । চালক আছিল ছানমুল আলী ৷ অনা-জৰুৰীকালীনভাৱে কৰ্তব্য সম্পাদন কৰি নিজৰ নিজৰ থকা স্থানলৈ উভতি অহা এম্বুলেন্সখনত কোনো ৰোগী নাছিল । বাহনখনত কোনো ৰোগী নথকা আৰু অনা-জৰুৰীকালীন অৱস্থাত চলি থকাৰ বাবে কৰ্তব্যৰত আৰক্ষীৰ লোকে ৰখাই দিয়ে ।”

লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে, “অৱশ্যে ৰোগী কঢ়িয়াই অনা বা জৰুৰীকালীন গতিবিধিৰ এম্বুলেন্সক দিয়া হ’ব অগ্ৰাধিকাৰ ৷ পথ উলিয়াই দিয়াৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যজুৰি আৰক্ষী আৰু যান-বাহন কৰ্মীক পুনৰ সংবেদনশীল কৰি তোলা হৈছে । লগতে এনে অনা-জৰুৰীকালীন কৰ্তব্যত থকা এম্বুলেন্সসমূহক ফ্লেচাৰ আদি ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈয়ো অনুৰোধ জনোৱা হৈছে ।”

জিপি সিঙৰ পোষ্ট
জিপি সিঙৰ পোষ্ট

আনহাতে, খানাপাৰাত কনভয়ৰ গাড়ীৰ খুন্দাত ৰূপমজ্যোতি বৰাৰ মৃত্যু প্ৰসংগত জিপি সিঙে এইদৰে স্পষ্টীকৰণ দিছে, “যান-বাহনৰ পথ দুৰ্ঘটনাৰ ফলত ছয়মাইলত মৃত্যু প্ৰসংগ— এই পথ দুৰ্ঘটনাত শ্ৰী ৰূপমজ্যোতি বৰাই প্ৰাণ হেৰুৱালে । দিছপুৰ আৰক্ষী থানাত ১৯৮/২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু গাড়ীখনৰ চালকৰ বিৰুদ্ধে বৈধ ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত চলি আছে । দুৰ্ঘটনাটোত জড়িত বলেৰো বাহনখন অধিক তদন্তৰ বাবে জব্দ কৰা হৈছে । MACT (Motor Accident Claim Tribunal)-ৰ অধীনত প্ৰক্ৰিয়াও ক্ষিপ্ৰ কৰা হৈছে ।”

লগতে পঢ়ক :অখিল গগৈৰ নামত কিয় সামাজিক মাধ্যমত পোষ্ট দিলে জি পি সিঙে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.