ETV Bharat / state

অসম আৰক্ষী ক্ৰীড়া উৎসৱ-২০২৪ৰ সামৰণি অনুষ্ঠানত জি পি সিং

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 9:42 PM IST

Assam Police Sports Meet
অসম আৰক্ষী ক্ৰীড়া উৎসৱ ২০২৪

GP Singh: আৰক্ষীৰ হাতত লাঞ্চিত হৈ অজয় দত্ত নামৰ যুৱকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু আৰক্ষীৰ তদন্তত প্ৰমাণ লাভ কৰা নাই বুলি মন্তব্য কৰিছে জিপি সিঙে ৷ আনহাতে 20 ফেব্ৰুৱাৰী পৰ্যন্ত 122 গৰাকী সুদখোৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হোৱাৰ কথা জনাইছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

অসম আৰক্ষী ক্ৰীড়া উৎসৱ ২০২৪

গোলাঘাট, 21 ফেব্ৰুৱাৰী: দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা অসম ক্ৰীড়া উৎসৱ-২০২৪ ৰ আজি সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ৷

সাংবাদিকৰ সন্মুখত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ভাৰতৰ স্বাধীনতাৰ পিচত প্ৰায় ৯০০ জন আৰক্ষী জোৱান শ্বহীদ হৈছে তাৰে দুজনক কীৰ্তি চক্ৰৰে বিভূষিত কৰা হৈছে ৷ অসম আৰক্ষীৰ সাতগৰাকী শ্বহীদৰ নামত চলন্ত ট্ৰফী প্ৰদান কৰা হৈছে এইবৰ্ষৰ পৰা ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হোৱা ঘটনা সম্পৰ্কত জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে উক্ত ঘটনা সংঘটিত হোৱাৰ পিচত কাৰাগাৰত ভিতৰত চি চি কেমেৰা নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে জে’ল কৰ্তৃপক্ষক অনুৰোধ কৰা হৈছে । চি চি কেমেৰা নিৰীক্ষণ কৰি জে’লৰ ভিতৰৰ পৰা মোবাইল ফোন আৰু বিভিন্নধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি উক্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে এক গোচৰ ৰুজু কৰা হৈছে ।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুৱাহাটীত উলিওৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এই সমগ্ৰ ঘটনা সম্পৰ্কে চি আই পিয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত সুদখোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা হৈছে বুলি মন্তব্য কৰি জিপি সিঙে সদৰী কৰে যে বৰ্তমানলৈকে ১২২ গৰাকী সুদখোৰক গ্ৰপ্তাৰ কৰা হৈছে ৷ অনাগত দিনতো সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

বিষয়াগৰাকীয়ে অসমবাসীক আহ্বান জনায় অসম আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰা হেল্পলাইন নম্বৰৰ জৰিয়তে যাতে সুদখোৰৰ বিৰুদ্ধে অভিযোগ থাকিলে জনায় । ইয়াৰ উপৰিও আলফা স্বাধীনলৈ যিসকল যুৱক-যুৱতী বৰ্তমানো গৈ আছে তেওঁলোকে ভুল পথত যোৱা বুলি মন্তব্য কৰি জিপি সিঙে কয় যে তেখেতসকলৰ আত্মীয় বা বন্ধুসকলে এই ক্ষেত্ৰত বুজাব লাগে যে এটা উগ্ৰপন্থী সংগঠনলৈ যোৱাটো কোনো যুক্তিসংগত নহয় ।

ইফালে দেৰগাঁৱত আৰক্ষীৰ হাতত লজ্জিত হৈ আত্মহত্যা পথ বাছি লোৱা অজয় দত্তৰ মৃত্যু সম্পৰ্কে বিষয়াগৰাকীয়ে কয় যে উক্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত প্ৰমাণ পোৱা নাই ।

লগতে পঢ়ক: বোমা বিস্ফোৰণৰ অভিযুক্ত সঞ্জীৱৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.