ETV Bharat / state

মুখ্যমন্ত্ৰীৰ জালত ভৰি দিয়াসকল নাইকিয়া হৈ যাব: ৰকিবুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:16 PM IST

Assam Congress internal conflict: যিসকল ৰাজনীতিক মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ জালত পৰিছে, তেওঁলোক নাইকিয়া হৈ যাব ৷ কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন কৰাতকৈ দল এৰি যোৱাই ভাল ৷ প্ৰদেশ কংগ্ৰেছত চলি থকা অন্তঃকন্দল সন্দৰ্ভত এই মন্তব্য ৰকিবুল হুছেইনৰ ৷

Assam Congress internal conflict
Congress MLAs support BJP

ৰকিবুল হুছেইনৰ মন্তব্য

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: কংগ্ৰেছত থাকি চৰকাৰক সমৰ্থন জনোৱা বিধায়কৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়ালয়ৰ কাষ চপা হ'ব । এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ । দলীয় সংঘাতত জৰ্জৰিত হোৱা অসম প্ৰদেশ কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে এটা নতুন ধাৰা ৷ বিধায়ক শশীকান্ত দাসে আৰম্ভ কৰা ধাৰাটোক যেন আৰু শক্তিশালী কৰি তুলিলে প্ৰথমাৱস্থাত ছিদ্দিক আহমেদ আৰু শেহতীয়াকৈ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে ৷ সেয়া হৈছে কংগ্ৰেছৰ বিধায়ক হৈ বিজেপি চৰকাৰক সমৰ্থন ৷

শশীকান্ত দাসে প্ৰায় এবছৰ পূৰ্বে বিধানসভাত মুখ্যমন্ত্ৰীৰ ভৰি চুই স্বীকাৰ কৰিছিল আনুগত্য ৷ পৰৱৰ্তী সময়ত তেওঁ সমালোচনাৰ সন্মুখীন হোৱাৰ পিচত চৰকাৰক সমৰ্থন জনাব বুলি স্পষ্ট কৰে আৰু প্ৰদেশ কংগ্ৰেছে তেওঁক দলৰ পৰা বহিস্কাৰ কৰে ৷ একেই পথেৰে আগবাঢ়িল ছিদ্দিক আহমেদো ৷ আকৌ এতিয়া প্ৰদেশ কংগ্ৰেছৰ চুকত থাকি বুকুত কামোৰ মাৰিলে বিধায়ক কমলাক্ষ আৰু বসন্ত দাসে ৷

মাত্ৰ কেইদিনমান পূৰ্বে কমলাক্ষ দে’ আৰু বসন্ত দাসে মুকলিকৈ ঘোষণা কৰিলে যে তেওঁলোকে বিজেপি চৰকাৰক সমৰ্থন আগবঢ়াব ৷ এফালে বিভিন্নজনৰ দল ত্যাগ আৰু আনফালে ঘৰতে থাকিয়েই পৰক সমৰ্থন দুই বিধায়কৰ ৷ বাৰুকৈয়ে বিপাঙত পৰিছে কংগ্ৰেছ ৷ যাৰ বাবে এতিয়া ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিব লগীয়া হৈছে ৰকিবুল হুছেইনে ৷

উল্লেখ্য যে চৰকাৰক সৰ্মথন কৰাৰ বাবে কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাস আৰু ছিদ্দিক আহমেদক কংগ্ৰেছ দলে দলৰ পৰা নিলম্বন কৰিছিল । লগতে তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্ৰেছ বিধায়িনী দলে আবেদন কৰিছিল । কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ নিলম্বিত বিধায়ক দুজনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । চৰকাৰক সমৰ্থনকাৰী কংগ্ৰেছ বিধায়কৰ তালিকাখন দীঘলীয়া হ’বলৈ ধৰাত দলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে ।

কংগ্ৰেছতে থাকি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ দুয়োজন বিধায়ক কমলাক্ষ আৰু বসন্তই চৰকাৰক তোষামোদ কৰাত ব্যস্ত হৈ পৰিছে । যাক লৈ শুকুৰবাৰে বিধানসভা চৌহদত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৰকিবুল হুছেইনে । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীয়ে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । সেই সময়ত বিজেপিৰ অৱস্থা ভাল আছিল বাবে তেওঁলোক জয়ী হৈ আহিছিল । কিন্তু এতিয়া চৰকাৰক সমৰ্থন জনোৱা সকল ৰাইজৰ ওচৰলৈ যাব নোৱাৰে ৷

তেওঁ লগতে কয় যে শশীকান্ত দাসৰ পৰা আৰম্ভ কৰি তাৰ পৰৱৰ্তী সকলক মুখ্যমন্ত্ৰীয়ে যাবলৈ দিয়া নাই । তেওঁলোকৰ মানুহৰ ওচৰলৈ যাবলৈ সাহস নাই । এইখন চৰকাৰৰ দিনত মানুহৰ অৱস্থা ভাল নহয় । ৰাইজৰ ক্ৰয় ক্ষমতা কমি আহিছে । মানুহৰ মাজত হাহাকাৰ লাগিছে । এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে চোৰাংচোৱাৰ যোগেদি গম পাইছে বাবেই হাতৰ চিহ্নৰে জিকি অহা মানুহক হাতৰ চিহ্নতে ৰাখি মুখ্যমন্ত্ৰীয়ে পিছ দুৱাৰেদি কাম কৰি আছে ৷

তেওঁ কংগ্ৰেছত থাকি চৰকাৰক সমৰ্থন জনোৱা সকলক উদ্দেশ্যি কয় যে কংগ্ৰেছ যদি বেয়া তেন্তে কংগ্ৰেছ এৰি দিব লাগে । বিধায়ক হুছেইে লগতে কয় যে মুখ্যমন্ত্ৰীৰ জালত ভৰি দিয়া সকল নাইকিয়া হৈ যাব ।

লগতে পঢ়ক: নগাঁও ৰাজীৱ ভৱনত কোনে আঁৰিলে অভিমন্যু বধৰ পোষ্টাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.