ETV Bharat / state

চাহ শ্ৰমিকক প্ৰকৃত মজুৰিৰ পৰা বঞ্চিত কৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ - Deprived Tea workers protest

Interview with tea garden workers : বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজ । প্ৰতাৰিত বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সমাজৰ সৈতে ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰ ।

Chinamara Tea Estate
চিনামৰাৰ চাহ বাগিচাৰ শ্ৰমিক সমাজ
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 4:32 PM IST

2 Min Read
Choose ETV Bharat
চিনামৰাৰ চাহ বাগিচাৰ শ্ৰমিক সমাজ

যোৰহাট, ৩০ মাৰ্চ: এটি কলি দুটি পাতেৰে অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা চাহ শ্ৰমিকসকল আজি নিজৰ প্ৰাপ্য়ৰ পৰা বঞ্চিত । দীৰ্ঘদিন ধৰি জনপ্ৰতিনিধিৰ লগতে চৰকাৰৰ দ্বাৰা প্ৰতাৰিত হৈ আছে । বিগত সময়ত প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰি আহিছে চাহ শ্ৰমিকসকলে । সেয়েহে লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকে ক্ষোভ উজাৰিলে জনপ্ৰতিনিধি তথা চৰকাৰৰ বিৰুদ্ধে । ৰাজ্য়ৰ আন জিলাৰ লগতে অসম চাহ নিগমৰ অধীনৰ চিনামৰাৰ চাহ বাগিচাৰ শ্ৰমিক সমাজ আজিও এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে । 'ই টিভি ভাৰত'ৰ আগত আজি নিজৰ নিজৰ সমস্য়াৰ কথা আজি স্বীকাৰ কৰিলে শ্ৰমিক সমাজে ।

ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজিলৈকে শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে । ক্ষুব্ধ শ্ৰমিকসকলে কয় যে আজিকোপতি চাহ শ্ৰমিকসকলৰ মজুৰি নামমাত্ৰ বৃদ্ধি কৰি প্ৰকৃত মজুৰি পৰা বঞ্চিত কৰি আহিছে । তেওঁলোকৰ বকেয়া মাৰ্চৰ ভিতৰত মুকলি কৰি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও আজি পৰ্যন্ত মোকোলাই নিদিলে । তেওঁলোকে পুনৰ ক্ষোভেৰ কয়," আমি পৰ্যাপ্ত চিকিৎসাৰ সুবিধাৰ পৰা বঞ্চিত হৈছো আৰু চিকিৎসাৰ বাবে টকা খৰচ কৰিবলগীয়া হৈছে ।"

তেওঁলোকে দাবী জনাই অহাৰ পিচতো চাহ বাগিচাত আজি পৰ্যন্ত চিকিৎসক নিয়োগ নকৰিলে । মেডিকেল কলেজ আৰু শিক্ষা প্ৰতিষ্ঠান বনালেই নহ'ব ইয়াত পৰ্যাপ্ত সুবিধা থাকিব লাগিব । চৰকাৰে তেওঁলোকক কিছুমান সা-সুবিধা প্ৰদান কৰিলেও সেই সুবিধাক লৈ সন্তুষ্ট নহয় চাহ শ্ৰমিকসকল । কাৰণ তেওঁলোকৰ মূল সমস্যা বিশুদ্ধ খোৱা পানী,চিকিৎসা সেৱাৰ সুবিধা আৰু পৰ্যাপ্ত মজুৰি আদি নিদিয়া বাবে ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজ । এই শ্ৰমিকসকলে সেই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাইছে ।

সন্মুখত লোকসভা নিৰ্বাচন । সেয়েহে বিগত সময়ত চৰকাৰে তেওঁলোকক কৰা চৰম বঞ্চনা আৰু অৱহেলাৰ প্ৰত্য়ুত্তৰ দিবলৈ সাজু হৈছে । তেওঁলোকে ইভিএমত বুটাম টিপি উচিত প্ৰত্যুত্তৰ দিবলৈও সাজু হোৱা বুলি তেওঁলোকে ক্ষোভেৰে কয় । কাৰণ ১৪ নং যোৰহাট লোকসভা সমষ্টিটোত বিগত সময়ত নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰি আহিছে বৃহত্তৰ চাহ জনগোষ্ঠীয় ৰাইজে ।

লগতে পঢ়ক:সংসদত সাংসদগৰাকীৰ ভূমিকা কেনে হোৱাটো বাঞ্ছনীয় ? ক’লে তেজপুৰৰ যুৱ প্ৰজন্মই - Lok Sabha Election 2024