ETV Bharat / politics

সংসদত সাংসদগৰাকীৰ ভূমিকা কেনে হোৱাটো বাঞ্ছনীয় ? ক’লে তেজপুৰৰ যুৱ প্ৰজন্মই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:18 PM IST

Lok Sabha Election 2024: নতুন প্ৰজন্মই কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে ? সংসদত কেনেকুৱা ভুমিকা বিচাৰে সাংসদগৰাকীৰ ? এই প্ৰজন্মই বিচৰাধৰণে সকলোবোৰ পালেনে ? এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি তেজপুৰৰ পৰা জ্য়েষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন...

LOK SABHA ELECTION 2024
লোকসভা নিৰ্বাচন 2024ৰ পৰা কি বিচাৰে নতুন প্ৰজন্মই?

নতুন প্ৰজন্মই কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে?

তেজপুৰ, ২৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে সাধাৰণ ৰাইজৰ লগতে নৱ প্ৰজন্মৰ ভোটাৰ ৷ যুৱ প্ৰজন্মৰ ভোটাৰৰ লগতে প্ৰথমবাৰৰ ভোটাৰসকলৰ মনৰ কথাৰে ই টিভি ভাৰতৰ বিশেষ প্ৰতিবেদন নৱ প্ৰজন্মৰ ভোটাৰৰ মনৰ কথা ।

১১ নং শোণিতপুৰ লোকসভা সমষ্টিত অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে যুৱ প্ৰজন্মৰ আৰু প্ৰথমবাৰৰ ভোটাৰে একপ্ৰকাৰ নিশ্চিত কৰিছে কেনে হ’ব লাগে তেওঁলোকৰ প্ৰাৰ্থী ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তেজপুৰৰ নৱ প্ৰজন্মৰ ভোটাৰে বিচাৰে যাতে দিল্লীৰ সংসদত গৈ সাংসদগৰাকীয়ে বজ্ৰকণ্ঠৰে অসমৰ তথা শোণিতপুৰৰ সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাব পাৰে ।

সংসদত গৈ টোপনিয়াই থকা সাংসদ নালাগে বুলি মন্তব্য কৰিছে তেজপুৰ চহৰৰ নৱ প্ৰজন্মৰ ভোটাৰে । এইসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো বিচাৰে ৷ নিবনুৱা সমস্যাৰ সমাধান কৰাটো অৰ্থাৎ উচ্চশিক্ষা গ্ৰহণ কৰি ঘৰতে বহি থকা হ’ব নালাগে বুলি মন্তব্য কৰে নতুন ভোটাৰসকলে ।

চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যুৱক-যুৱতীসকল যাতে ব্যৱসায়ৰ ক্ষেত্ৰতো আগবাঢ়ি গৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় তাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে বুলি কয় নতুন প্ৰজন্মই । তেজপুৰ লোকসভা সমষ্টি(বৰ্তমান শোণিতপুৰ)ৰ বৰ্তমানৰ সাংসদগৰাকীয়ে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছে নতুন প্ৰজন্মই ।

আনহাতে তেজপুৰখন শিক্ষাৰ ক্ষেত্ৰত বহু পিচপৰি থকা বুলি উল্লেখ কৰি চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাতকৈ উন্নতমানৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই নতুন প্ৰজন্মৰ ভোটাৰসকলে ।

তদুপৰি হিতধিকাৰী সৃষ্টিৰ বিৰুদ্ধেও মাত মাতিছে নতুন প্ৰজন্মই ৷ তেওঁলোকে কয় যে হিতাধিকাৰী সৃষ্টি দাৰিদ্ৰতাৰ সমাধান নহয়, তেওঁলোকক স্বাৱলম্বী কৰাটোতহে চৰকাৰে গুৰুত্ব দিব লাগিছিল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে নতুন প্ৰজন্মই ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন : কি বিচাৰে নগাঁৱৰ যুৱ ভোটাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.