ETV Bharat / state

বন্য়প্ৰাণীৰ আৱাসস্থলী সোৱণশিৰি চাপৰি সংৰক্ষণৰ দাবী - Free movement of wild animals

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:15 PM IST

Demand for conservation of Subansiri Chapori, which has turned into a habitat for wildlife
বন্য়প্ৰাণীৰ আৱাসস্থলী সোৱণশিৰি চাপৰি সংৰক্ষণৰ দাবী

লখিমপুৰ নগৰৰ নাতি দূৰৈত আছে সোৱণশিৰি নদী । নদীখনৰ সোমদিৰিমুখ এলেকাত এটা সুঁতিৰ সিপাৰে আছে এটা চাপৰি । এই চাপৰিটো এতিয়া পহু, শিয়াল আদি বন্যজন্তৰ আৱাসস্থলীলৈ পৰিণত হৈছে । স্থানীয় ৰাইজে এই বন্যপ্রাণীসমূহ সুৰক্ষিত কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ।

বন্য়প্ৰাণীৰ আৱাসস্থলী সোৱণশিৰি চাপৰি সংৰক্ষণৰ দাবী

লখিমপুৰ,২৫ এপ্রিল: লখিমপুৰ নগৰৰ সমীপৰ সোৱণশিৰি চাপৰিত পহুৰ মুক্ত বিচৰণ । দুস্কৃতিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰাৰ আহ্বান ৰাইজৰ । লখিমপুৰ নগৰৰ পৰা নাতি দূৰৈত আছে ইতিহাস প্ৰসিদ্ধ স্বৰ্ণশ্ৰী অথবা সোৱণশিৰি নদী । আহোম ৰাজত্বৰ কালত সোণ কমোৱা সোৱণশিৰি নদীখন পৌৰাণিক যুগৰ পৰা বৰ্তমানলৈকে বিভিন্ন কাৰণত সততে চৰ্চাৰ কেন্দ্র বিন্দু হৈ আহিছে ।

বিশেষ কৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে সততে নদীখনৰ নাম উচ্চাৰিত হৈছে । শেহতীয়া কৈ এটা বালি চাপৰিৰ কাৰণে নদীখন নাম পুনৰবাৰ চৰ্চিত হ'বলৈ ধৰিছে । এই চাপৰিটো আছে তেলাহী মৌজাৰ আজাদ এলেকাৰ সমীপত । সোমদিৰি মূখত এটা সুঁতিৰ সিপাৰে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দীঘল আৰু এক কিলোমিটাৰমান বহল চাপৰিটোক লৈ এতিয়া স্থানীয় সচেতন লোক সকল উদ্বিগ্ন হৈ পৰিছে ।

শিমলু, কল, লিহিৰি,ঝাও আদি গছ-বনেৰে ভৰা এই চাপৰিটোত এতিয়া বিভিন্ন প্ৰজাতিৰ পহুৰ বাসস্থান হৈ পৰিছে । স্থানীয় ৰাইজৰ মতে শহা, সুগৰি আদি কেইবাটাও প্ৰজাতিৰ পহু, শিয়াল আদি বন্য জন্তুৰ লগতে বিভিন্ন প্ৰজাতিৰ পখীৰো বিচৰণ ভূমি এই চাপৰিটো । ৰাইজৰ মতে বন বিভাগে কিন্তু এই চাপৰিটো যে বন্য জীৱ জন্তৰ আৱাসস্থল হৈ পৰিছে সেই কথা গম নাপায় ।

উল্লেখ্য বানত উটি আহি নাইবা আন তেনে কিছু কাৰণত পহু আদি আহি এই চাপৰিটোত বাস কৰিবলৈ লৈছে । বন্য জন্তৰ আৱাসস্থলীলৈ পৰিণত হোৱা এই চাপৰিটোক লৈ এতিয়া স্থানীয় সচেতন ৰাইজে উদ্বেগ প্রকাশ কৰিছে । কিয়নো কোনো সুৰক্ষা নথকাৰ বাবে চাপৰিটোত থকা বন্য প্রাণীসমূহ দুস্কৃতিকাৰীৰ চিকাৰ হ'ব পাৰে । কিয়নো অঞ্চলটোত বিগত সময়ত নদীত বিহ দি, পথাৰত বিহ দি বগলী আদি চৰাই কোনো দুস্কৃতিকাৰীয়ে নিধন কৰাৰ উদাহৰণ আছে ।

সেয়ে এই চাপৰিটোত দুস্কৃতিকাৰীৰ কু-দৃষ্টি পৰিব পাৰে বুলি ৰাইজে আশংকা কৰিছে । এনে আশংকা প্রকাশ কৰি ৰাইজে বন বিভাগক চাপৰিটোত তীক্ষ্ণ দৃষ্টি ৰাখি বন্য প্রাণীৰ লগতে বনজ সম্পদসমূহ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে । বন বিভাগে ৰাইজৰ এনে আহ্বানৰ প্ৰতি বন বিভাগে সঁহাৰি নিদিলে চাপৰিটোত থকা নিৰীহ বন্যপ্রাণী দুস্কৃতিকাৰীৰ চিকাৰ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনত বেদখলকাৰীৰ শেনচকু - Reserve Forest Encroachment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.