ETV Bharat / state

কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 4:33 PM IST

Controversy over Barpeta constituencys candidature
কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

Lok Sabha election-2024: বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে । ফণীভূষণ চৌধুৰীয়ে প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিচতে বৰপেটা সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেয়া এক ডাঙৰ প্ৰশ্ন ? চৰ্চালৈ আহিছে গুণীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস, ভূপেন ৰয় আৰু ৰণজিৎ ডেকাৰ নাম ।

কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

বৰপেটা,৫ মাৰ্চ: চাৰিখন আসনৰ আশাত থকা অগপ অৱশেষত সন্তুষ্ট হ'ল মাত্ৰ দুখন আসনতে । ইয়াৰ পিচতেই চৰ্চালৈ আহিছে বৰপেটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰসংগ । বৰপেটা সমষ্টিত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী নাম উল্লেখ কৰে যদিও ফণীভূষণ চৌধুৰী প্ৰাৰ্থী হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাই । দুই-এদিনৰ ভিতৰত বিধায়ক চৌধুৰীয়ে সমষ্টিৰ জনতাৰ সৈতে কথা পাতিহে লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থী হোৱা-নোহোৱা সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিব ।

গতিকে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ? গুণীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস, ভূপেন ৰয় নে ৰণজিৎ ডেকা ? দুই এদিনৰ ভিতৰত চুড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম । বহু কেইগৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চালৈ হৈ আছে । ইয়াৰ মাজতে চৰ্চিত যিকোনো প্ৰাৰ্থীয়ে এইবাৰ বৰপেটাৰ পৰা বিজয় সাব্যস্ত কৰাটো নিশ্চিত বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

তেওঁ কয় যে, অগপই এনেকুৱা এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, যিগৰাকী প্ৰাৰ্থীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা সহজেই জয়ী হ'ব পাৰে । অগপৰ বহু কেইগৰাকী সম্ভাব্য প্ৰাৰ্থী আছে, প্ৰতিগৰাকীয়ে যোগ্য প্ৰাৰ্থী । তাৰ মাজৰ পৰা ৰাইজে বিচৰা এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

আনহাতে বৰপেটাত উপস্থিত হৈ অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে অসম গণ পৰিষদ দলে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰি তুলিছে । দলৰ সাংগঠনিক প্ৰস্তুতি সম্পূৰ্ণ হৈছে যদিও প্ৰাৰ্থীৰ নাম দুই এদিনৰ ভিতৰতে অগপ দলৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে ।

আজিলৈকে বিৰোধী সু-সংগঠিত হ'ব পৰা নাই বুলিও মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ বৰপেটা লোকসভা সমষ্টিত এগৰাকী বিৰোধী দলৰ সাংসদ আছে যদিও তেওঁ নিৰ্বাচন নেখেলে । তেওঁলোকৰ গোটেই কথা এতিয়া ধুৱলী-কুঁৱলী হৈ আছে ৷ সেই বাবে অগপ বৰপেটা লোকসভা সমষ্টিক লৈ চিন্তিত নহয় বুলি উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: দুখনতে সন্তুষ্ট হৈ অগপই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ; সম্ভৱ হৈ উঠিবনে দিল্লী যাত্ৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.