ETV Bharat / state

প্ৰদ্যুৎ-গৌৰৱৰ প্ৰাৰ্থিত্বক লৈ নগাঁও কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ সংঘাত

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:42 PM IST

নগাঁও কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ সংঘাত
নগাঁও কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ সংঘাত

Nagaon Lok Sabha Constituency : লবীকেন্দ্ৰিক ৰাজনীতি, দলীয় বিসম্বাদে কঁপাইছে অসম কংগ্ৰেছৰ ভেটি । এজনৰ পিচত আন এজন নেতাৰ পদত্যাগে অসম প্ৰদেশ কংগ্ৰেছত সৃষ্টি কৰা জোকাৰণি অব্যাহত থকাৰ মাজতে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ প্ৰদ্যুৎ, গৌৰৱ, ৰকিবুলৰ মাজত দুটাকৈ ফৈদৰ সৃষ্টি হোৱাত পুনৰ এবাৰ স্পষ্ট কৰিলে ৰকিবুল-প্ৰদ্যুতৰ সংঘাত । ইয়াৰ মাজতে নগাঁও জিলা এনএছইউআয়ে লৈছে প্ৰদ্যুৎ বৰদলৈৰ পক্ষ । হাইকমাণ্ডৰ কাষ চাপিছে প্ৰদ্যুৎ বৰলদৈয়ো ।

নগাঁও কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ সংঘাত

নগাঁও, ২০ ফেব্ৰুৱাৰী : লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ উত্তপ্ত হৈছে নিৰ্বাচনী বতাহ । ৰাজ্যৰ ১৪ টা লোক সভা সমষ্টিৰ ভিতৰতে সম্প্ৰতি সৰ্বাধিক চৰ্চিত লোক সভা সমষ্টিটোৱেই হৈছে নগাঁও লোকসভা সমষ্টি । বিগত চাৰিটাকৈ কাৰ্যকাল বিজেপিৰ দখলত থকা নগাঁও লোক সভা সমষ্টি বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত ২০১৯ চনত দখল কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে ।

কিন্তু শেহতীয়াকৈ নগাঁও কংগ্ৰেছৰ এটা লবী প্ৰদ্যুৎ বৰদলৈক সমষ্টিটোৰ পৰা আঁতৰোৱাৰ বাবে তৎপৰ হৈ পৰা বুলি ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত । নগাঁও লোক সভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যেই দলৰ মজিয়াত আবেদন জনাইছে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে পূৰ্বৰ কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

অৱশ্যে সাংসদ গৌৰৱ গগৈয়ে নগাঁও লোক সভা সমষ্টিৰ উপৰি যোৰহাট লোক সভা সমষ্টিৰ পৰাও প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে । কিন্তু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কেৱল নগাঁও লোক সভা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে কংগ্ৰেছ দলত ।

শেহতীয়াকৈ দলীয় বিসম্বাদ, এজনৰ পিছত আনজন নেতাৰ দলবিৰোধী মন্তব্য, দলত্যাগ আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে জৰ্জৰিত কৰা অসম কংগ্ৰেছত নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈয়ো আৰম্ভ হৈছে গৃহ কন্দল । লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচৰা নেতাসকলৰ মাজত পৰোক্ষভাৱে আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ।

লোক সভা সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচৰা ৰকিবুল হুছেইনে নিজে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'লেও নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে গৌৰৱ গগৈক সমৰ্থন দিব বুলিও ব্যাপকভাৱে চর্চা লাভ কৰিছে নগাঁৱৰ ৰাজনীতিত । এনে প্ৰেক্ষাপটত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ লবী একগোট হৈ পৰা বুলিও চর্চা চলিছে । এনে ক্ষেত্ৰত এক অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ আশংকা প্ৰদ্যুৎ বৰদলৈৰ ।

নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ তিনিগৰাকী নেতাৰ মাজত দুটা ফৈদৰ সৃষ্টি হ'লেও সংবাদ মাধ্যমৰ সন্মুখত অথবা ৰাজহুৱাকৈ কাৰো সমৰ্থক ওলাই অহা নাই যদিও শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত ওলাই আহিছে নগাঁও জিলা এনএছইউআই । বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে নগাঁও জিলা এনএছইউইউআয়ে ।

এনএছইউআইৰ দাবী, অসমত বিজেপিৰ বিশেষ কোনো প্ৰভাৱ নথকা সময়তো বিজেপিয়ে দীর্ঘসময় দখল কৰি ৰখা নগাঁও লোক সভা সমষ্টিত প্ৰবল মোদী ঢৌ থকাৰ পিচতো ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল প্ৰদ্যুৎ বৰদলৈয়ে । যাৰ বাবেই প্ৰদ্যুৎ বৰলদৈক নগাঁও লোক সভা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাই যুক্তি দৰ্শায় নগাঁও জিলা এনএছইউৰআইৰ নেতা-কৰ্মীয়ে ।

উল্লেখ্য যে নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ নগাঁও কংগ্ৰেছত উলম্ব বিভাজন স্পষ্ট হৈ পৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই যেন নগাঁও লোক সভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপটত সকলো ওলট-পালট হৈ পৰে । যাৰ বাবেই সম্প্ৰতি ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক চৰ্চিত লোক সভা সমষ্টি হিচাপে পৰিগণিত হৈছে নগাঁও লোক সভা সমষ্টি ।

লগতে পঢ়ক :বিৰোধী ঐক্যত ফাঁট; ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীৰ সৈতে ৰাজনৈতিক যুঁজত নামিব INDI ঐক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.