ETV Bharat / state

যোৰহাটলৈ অনা ই ভি এমৰ ৫০ শতাংশ বিকল হোৱাৰ অভিযোগ কংগ্ৰেছৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:46 PM IST

Congress alleges 50 per cent malfunctioning of EVMs brought to Jorhat
যোৰহাটলৈ অনা EVM ৫০ শতাংশ বিকল হোৱাৰ অভিযোগ কংগ্ৰেছৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বৰ্তমান তুংগত উঠিছে । পিচপৰি ৰোৱা নাই শাসক বিৰোধী । ইয়াৰ মাজতেই এক খবৰে চিন্তিত কৰি তুলিছে ৰাজনৈতিক মহল আৰু সচেতন মহলক । কাৰণ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিলৈ অনা ই ভি এমৰ পঞ্চাশ শতাংশ বিশেষ পৰীক্ষাত বিকল হোৱা বুলি ধৰা পৰিছে ।

যোৰহাটলৈ অনা EVM ৫০ শতাংশ বিকল হোৱাৰ অভিযোগ কংগ্ৰেছৰ

যোৰহাট,১২ এপ্ৰিল: তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শাসক বিৰোধীয়ে যিকোনো প্ৰকাৰে গাদী দখলৰ চেষ্টা অব্যাহত ৰাখিছে । সমানে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ই ভি এম । পিছে ইয়াৰ মাজতে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ । যোৰহাট লোকসভা সমষ্টিলৈ অনা ইভিএমৰ পঞ্চাশ শতাংশ বিকল ।

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছৰ প্ৰতিনিধিয়ে এই সম্পৰ্কে ৰিটাৰ্নিং বিষয়াক দাখিল কৰে অভিযোগ । এই খবৰে চিন্তিত কৰি তুলিছে ৰাজনৈতিক মহল আৰু সচেতন মহলক । কিয়নো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিলৈ অনা ই ভি এমৰ পঞ্চাশ শতাংশ বিশেষ পৰীক্ষাত বিকল হোৱা বুলি ধৰা পৰিছে, ফলত নিৰ্বাচনী বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি নিশা ১ বজালকৈ এই সম্পৰ্কত আলোচনাত মিলিত হৈছে আৰু এই সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে বুলি কংগ্ৰেছৰ প্ৰতিনিধিক জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।

লগতে প্ৰয়োজনীয় ই ভি এমৰ উপৰিও অতিৰিক্ত ই ভি এমৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । ইতিমধ্যে ইভিএম বিকল সম্পৰ্কে ৰিটানিং বিষয়াক অভিযোগ প্ৰদান কৰা হৈছে বুলি কংগ্ৰেছৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়ে আৰু এই সম্পৰ্কে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈকো অৱগত কৰা হৈছে । তাৎপযপূৰ্ণ যে ই ভি এম বিকল আৰু অতিৰিক্ত ইভিএমৰ সমস্যা যদি শীঘ্ৰে সমাধান নকৰে তেনেহ'লে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰা ক্ষেত্ৰত অসুবিধা সৃষ্টি হ'ব বুলি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে আশংকা প্ৰকাশ কৰে । আনহাতে বিকল ই ভি এম আৰু অতিৰিক্ত ই ভি এম সমস্যা শীঘ্ৰে সমাধান কৰা আশ্বাস প্ৰদান কৰিছে ৰিটাৰ্নিং বিষয়াই ।

লগতে পঢ়ক: বৃদ্ধ আৰু বিকলাংগৰ সুবিধাৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.