ETV Bharat / politics

বৃদ্ধ আৰু বিকলাংগৰ সুবিধাৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:27 PM IST

Lok Sabha Election 2024: ১০০ শতাংশ ভোটদানৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । দূৰৱৰ্তী অঞ্চলত ভোটকেন্দ্ৰ স্থাপন কৰাৰ উপৰিও এইবাৰ বৃদ্ধ আৰু বিকলাংগসকলৰ বাবেও বিশেষ ব্যৱস্থা কৰিছে । ঘৰৰ পৰাই এই লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।

Lok Sabha Election 2024
বৃদ্ধ আৰু বিকলাংগৰ সুবিধাৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা

নেশ্যনেল ডেস্ক,১২ এপ্ৰিল : ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । এক জাননী যোগে নিৰ্বাচন আয়োগে কয় যে লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী পেনেলে আগন্তুক নিৰ্বাচনত বৃদ্ধ আৰু বিকলাংগ বা বিশেষভাৱে সক্ষম ব্যক্তিসকলক গৃহ ভোটদানৰ সুবিধা প্ৰদান কৰিছে ।

বিবৃতিত কয় য়ে ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু ৪০ শতাংশ বেঞ্চমাৰ্কৰ অক্ষমতা থকা ব্যক্তিসকলে বৈকল্পিক গৃহ ভোটদানৰ সুবিধা লাভ কৰিব পাৰিব । এই শ্ৰেণীৰ ভোটাৰসকলে ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটদান আৰম্ভ কৰিছে বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে । সমগ্ৰ দেশত ৮১ লাখ ৮৫ বছৰ উৰ্ধৰ ভোটাৰ আছে আৰু ৯০ লাখ বিশেষভাৱে সক্ষম ভোটাৰ পঞ্জীভুক্ত আছে ।

নিৰ্বাচন আয়োগৰ মতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলক গৃহ ভোটদানৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ প্ৰতি আয়োগৰ চিন্তা আৰু সন্মানৰ অভিব্যক্তি প্ৰকাশ কৰাৰ লগতে ই সমাজৰ বাবে দৈনন্দিন জীৱনত ইয়াক গ্ৰহণ কৰাৰ এক উদাহৰণ হিচাপে দেখা যাব বুলি আয়োগে উল্লেখ কৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গৃহ ভোটদানৰ সুবিধা লাভ কৰা ভোটাৰসকলে নিৰ্বাচন আয়োগৰ এই ব্যৱস্থাৰ কৃতজ্ঞতা জনোৱাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰিছে ।

আয়োগে লগতে কয় যে ভোটদানৰ গোপনীয়তা নিষ্ঠাৰে বজাই ৰখাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ইয়াৰ জৰিয়তে নিৰ্বাচন আয়োগে অধিক ন্যায়সঙ্গত আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ সুবিধাৰ দিশত আন এক নিৰ্ণায়ক পদক্ষেপ লৈছে, য'ত শাৰীৰিক সীমাবদ্ধতা বা বয়স নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ কণ্ঠস্বৰ গুৰুত্বপূৰ্ণ ।

ৰাজস্থানৰ চুৰুত ৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে গৃহ ভোটদানৰ সুবিধা গ্ৰহণ কৰিছে । ছত্তীশগড়ত বস্তাৰ আৰু চুকমা জনজাতীয় জিলাৰ ৮৭ বছৰীয়া ইন্দুমতী পাণ্ডে আৰু ৮৬ বছৰীয়া সোনমতী বাঘেলে এই সুবিধাৰ জৰিয়তে ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে । মহাৰাষ্ট্ৰতো দুগৰাকী বৃদ্ধই এই সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক :তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.