ETV Bharat / state

কাছাৰ-কৰিমগঞ্জত মুখ্যমন্ত্ৰী ড৹ শৰ্মা, দুহেজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প মুকলি

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:27 PM IST

Assam CM Visit Barak Valley
দুহেজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প মুকলি

Assam CM Visit Barak Valley : কৰিমগঞ্জ আৰু কাছাৰত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ঘোষণা কৰা হোৱা নাই যদিও, বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈ গৈছে বুলি মন্তব্য কৰে তেওঁ ৷

কাছাৰ-কৰিমগঞ্জত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

কৰিমগঞ্জ, 1 মাৰ্চ : 11 টা লোকসভা সমষ্টিৰ বাবে অসমত চূড়ান্ত হৈছে বিজেপিৰ প্ৰাৰ্থী তালিকা ৷ এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা ৷ এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈ আজি কৰিমগঞ্জ আৰু কাছাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই যদিও, তালিকা চূড়ান্ত হৈ গৈছে ৷ এই ঘোষণা কাইলৈও হ’ব পাৰে, দুদিন পিচতো হ’ব পাৰে অথবা এসপ্তাহ পিচতো হ’ব পাৰে বুলি কয় তেওঁ ৷ ইফালে বিৰোধী ঐক্য মঞ্চই এতিয়ালৈকে কোনো সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিব নোৱাৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে সমষ্টি আছে 14 টা ৷ তেওঁলোকৰ 16 টা দল ৷ গতিকে আসনৰ সংখ্যা বঢ়ালেহে তেওঁলোকৰ মিলিব বুলি বিৰোধীক কটাক্ষ কৰে তেওঁ ৷

উল্লেখ্য যে, কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰে আজি কৰিমগঞ্জ আৰু কাছাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰত 578 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইফালে শিলচৰত 265 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেন্সাৰ চিকিৎসালয় মুকলি কৰে তেওঁ ৷

ইফালে লখিপুৰত 127 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীজনে ৷ লগতে শিলচৰত 177 কোটি টকাৰে নিৰ্মাণ হোৱা পানী যোগান আঁচনিৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণত তেখেতৰ লগত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ পল্লবলোচন দাস, ৰাজদীপ ৰয়, কৃপানাথ মাল্লাহ, কৃষ্ণেন্দু পাল, কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু চিদ্দেক আহমেদ ৷

লগতে পঢ়ক : বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.