ETV Bharat / state

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:27 PM IST

Minister Sarbananda Sonowal
বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

Minister Sarbananda Sonowal: ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ দলে ৰামেশ্বৰ তেলীৰ স্থানত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিব প্ৰায় নিশ্চিত হৈছে । তাৰ মাজতে শুকুৰবাৰে গৃহ জিলাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । আনহাতে ৰামেশ্বৰ তেলীক দিল্লীলৈ জৰুৰীভাৱে তলৱ ।

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

মৰাণ,১ মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে । অসমতো প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ বাবে ইতিমধ্যে চূড়ান্ত তালিকা প্ৰস্তুত কৰিছে । প্ৰাৰ্থী তালিকাক লৈ ব্যাপক কৌতূহলো অব্যাহত আছে । বিশেষকৈ শাসকীয় দলৰ প্ৰাৰ্থী তালিকাক লৈ চৰ্চা আৰম্ভ হৈছে ।

ইয়াৰ মাজতে বিজেপিৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে বহু ৰাজ্যৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে । লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি সংবাদ মাধ্যমৰ আগত সোণোৱাল কয় যে তালিকাৰ চূড়ান্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে ।

দলীয় নিয়ম অনুসৰি সকলো ৰাজ্যৰ বাবে তালিকা সম্পূৰ্ণ হোৱাৰ পিচত ৰাষ্ট্ৰীয় সভাপতিয়ে নাম ঘোষণা কৰিব । ডিব্ৰুগড়ত তেওঁৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত চলি থকা চৰ্চাক লৈ কয় যে জনসাধাৰণৰ মৰমৰ বাবেই তেওঁৰ নাম সংবাদ মাধ্যমত বেছিকৈ চৰ্চিত হৈছে ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ স্থানত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি বিশেষ চৰ্চা চলিছে । অসমৰ বহু সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰিও প্ৰকাশ পাইছে । কিন্তু বিজেপিয়ে চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল গৃহ জিলা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ প্ৰাৰ্থিত্বও একপ্ৰকাৰ নিশ্চিত বুলি বহুতে দাবী কৰিছে । আনহাতে ৰামেশ্বৰ তেলীৰ পাখি কটা যাব বুলি চৰ্চা চলি থকাৰ মাজতে জৰুৰীভাৱে তেওঁক দিল্লীলৈ দলৰ শীৰ্ষ নেতৃত্বই মাতি পঠিয়াইছে ।

লগতে পঢ়ক :প্ৰতিষ্ঠান বিৰোধী ঢৌ, প্ৰতিবাদক গুৰুত্ব নিদিয়ে ৰামেশ্বৰ তেলীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.