ETV Bharat / state

প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:39 PM IST

শুকুৰবাৰে লখিমপুৰত এফালে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু আনফালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । বি জে পি চৰকাৰে ৰাইজৰ উন্নয়নৰ হকে কৰা কামৰ খতিয়ান দাঙি ধৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

CM HIMANTA BISWA SARMAH CAMPAIGN FOR PRADAN BARUAH
প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

লখিমপুৰ,১২ এপ্রিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান তুংগত তুলিছে শাসকীয় দল বিজেপিয়ে । নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী । শুকুৰবাৰে লখিমপুৰত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । সৰ্বানন্দ সোণোৱালে পুৱাৰভাগত বগীনদীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে বিয়লি নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিয়লি লখিমপুৰৰ সোণাপুৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সোণাপুৰ পুখুৰীয়া উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত এখনি নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰি সকলো ৰাইজকে বি জে পিক ভোট প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনায় । এইবাৰ প্ৰদান বৰুৱা পূৰ্বতকৈয়ো অধিক ভোটত জয়ী হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বৰ্তমান বি জে পি চৰকাৰে ৰাইজৰ উন্নয়নৰ হকে কৰা কামৰ খতিয়ান দাঙি ধৰে । এই সভাত নাৰীৰ উপস্থিতি দেখি অভিভূত হৈ মহিলাসকলৰ বাবে চৰকাৰে আগবঢ়োৱা আঁচনিসমুহৰ ওপৰত বক্তব্য ৰাখি কয় যে চৰকাৰৰ আঁচনি সকলোৱে পাব বুলি উল্লেখ কৰি তেওঁ কয় 'মোদীকা গেৰান্টী ঔৰ মামা কা ওৱাৰেন্টি । য'তে নাৰী শক্তি তাতেই মহাশক্তি’ । সভাত প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বহুকেইজন দলীয় উচ্চ পদস্থ নেতা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক: তিনি গগৈক অসমত আবেগৰ ৰাজনীতি নকৰাৰ প্ৰতিজ্ঞা ল'বলৈ দাবী মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.