ETV Bharat / state

তেজপুৰত কিস্তি হিচাপে আমানতৰ ধন জমা দিবলৈ আহিল এগৰাকী প্ৰাৰ্থী - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 12:20 PM IST

Sonitpur Lok Sabha
তেজপুৰত কিস্তি হিচাপে আমানতৰ ধন জমা দিবলৈ আহিল এগৰাকী প্ৰাৰ্থী

Sonitpur Lok Sabha: আমানতৰ ধন কিস্তি হিচাপে দি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল প্ৰাৰ্থীগৰাকী ৷ ঘটনাটো তেজপুৰৰ ৷

তেজপুৰত কিস্তি হিচাপে আমানতৰ ধন জমা দিবলৈ আহিল এগৰাকী প্ৰাৰ্থী

তেজপুৰ, ২৮ মাৰ্চ : আমানতৰ ধন কিস্তি বা বাকীকৈ দি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল এগৰাকী প্ৰাৰ্থী ৷ আমানতৰ ধন দিবলৈ টকাৰ অভাৱ হোৱাত বাকীকৈয়ে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰিবলৈ উপস্থিত হ’ল জিলা আয়ুক্ত কাৰ্যালয়ত ৷ প্ৰাৰ্থীগৰাকীৰ এই অনুৰোধত হতভম্ব ৰিটাৰ্নিং বিষয়াসহ আয়ুক্ত কাৰ্যালয়ত উপস্থিত আন বিষয়াসকল ৷

এই আমোদজনক ঘটনা সংঘটিত হৈছে তেজপুৰত ৷ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা তেজপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ঘটিল এই আজৱ ঘটনা ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ আসনৰ বাবে বুধবাৰে এগৰাকী প্ৰাৰ্থীয়ে বাকীকৈ দিবলৈ আহিল মনোনয়ন ৷ প্ৰাৰ্থীগৰাকীৰ নাম মহেন্দ্ৰ ওৰাং ৷ তেওঁৰ ঘৰ শোণিতপুৰৰ ৰঙাপাৰাত ৷

ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেলৰ সদস্য মহেন্দ্ৰ ওৰাঙে জানিবলৈ দিয়া অনুসৰি আগন্তুক নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে তেওঁ মনোনয়ন দাখিলৰ বাবে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেয়েহে কেৱল ১০ জন সমৰ্থকক লগত লৈ তেওঁ মনোনয়ন দাখিল বাবে উপস্থিত হয় শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৷ পথৰ কাষতে তেওঁ নিজেই পূৰণ কৰে মনোনয়ন পত্ৰ ৷

কিন্তু মনোনয়ন দাখিল কৰাৰ সময়তহে লাগে অথন্তৰ ৷ তাৎক্ষণিকভাৱে মনোনয়ন দাখিলৰ সিদ্ধান্ত লোৱা মহেন্দ্ৰ ওৰাঙৰ হাতত নাছিল আমানতৰ বাবে প্ৰয়োজনীয় ২৫ হাজাৰ টকা ৷ মাত্ৰ ১০ হাজাৰ টকা হাতত টকা প্ৰাৰ্থীজনে উপায়বিহীন হৈ তেওঁৰ কোনো বন্ধুক টকা ধাৰলৈ খোজে ৷ বন্ধুজনে অনলাইনযোগে তেওঁলৈ টকা পঠোৱাৰ কথা আছিল যদিও মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়লৈকে তেওঁৰ একাউণ্টত ধন নাহিল ৷

সেয়েহে মনোনয়ন পত্ৰ জমা দিয়াৰ বাবে তেওঁ আমানতৰ ধন বাকী দিয়াৰ বাবে জিলা ৰিটাৰ্নিং বিষয়াক অনুৰোধ কৰে ৷ মহেন্দ্ৰ ওৰাঙে জনোৱা মতে মনোনয়ন পৰীক্ষণৰ দিনা বাকী টকা জমা দিয়াৰ বাবে সময় বিচাৰি ৰিটাৰ্নিং বিষয়াক অনুৰোধো কৰিছিল তেওঁ ৷ অৱশ্যে মহেন্দ্ৰ ওৰাঙৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰে ৰিটাৰ্নিং বিষয়াই ৷ এনে কোনোধৰণৰ নিয়ম নাই বুলি প্ৰাৰ্থীগৰাকীক জনায় বিষয়াগৰাকীয়ে ৷ সেয়েহে অৱশেষত মনোনয়ন দাখিলত ব্যৰ্থ হয় মহেন্দ্ৰ ওৰাং ৷ এই ঘটনাই এতিয়া হাস্যৰসৰ সৃষ্টি কৰিছে তেজপুৰত ৷

লগতে পঢ়ক : তেজপুৰত বৃহৎ সমদল উলিয়াই আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.