ETV Bharat / state

ৰঙিয়া মহাবিদ্যালয়ত তিনি শিল্পীৰ আৱক্ষ মূৰ্তি উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:35 PM IST

Busts of three artists unveiled in Rangia
ৰঙিয়া মহাবিদ্যালয়ত তিনি শিল্পীৰ আৱক্ষ মূৰ্তি উন্মোচন

Busts unveiled in Rangia: ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱন চৌহদত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা আৰু ড৹ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি । আৱক্ষ মূৰ্তি উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই । ছাত্ৰ সন্থাৰ সাহায্য পুঁজিৰে স্থাপন কৰা হয় আৱক্ষ মূৰ্তিকেইটা ।

ৰঙিয়া মহাবিদ্যালয়ত তিনি শিল্পীৰ আৱক্ষ মূৰ্তি উন্মোচন

ৰঙিয়া,২৭ ফেব্ৰুৱাৰী: মঙলবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱন চৌহদত স্থাপন কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা আৰু ড৹ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । উন্মোচন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই উপলক্ষে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে ৰঙিয়া মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অনুপ কুমাৰ ডেকাই । অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ‍্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়াই । আৱক্ষ মূৰ্তি উন্মোচন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ছাত্র-ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়খনৰ অধ‍্যাপক আৰু অধ‍্যাপিকাসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ।

অনুষ্ঠানটোত মুখ্য অতিথিৰূপে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র আৰু অৱসৰপ্ৰাপ্ত অধ‍্যাপক প্ৰবীন কলিতা আৰু ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ছাত্র অনন্ত ডেকা উপস্থিত থাকে । উল্লেখযোগ্য যে আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষৰ মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম কলিতাই তেওঁ পুজিৰ পৰা ৪৪০০০ টকা আৰু ২০২২-২৩ বৰ্ষৰ ছাত্ৰ সন্থাই তেওঁলোকৰ পুঁজিৰ পৰা প্ৰায় ডেৰ লাখ টকা অৰিহণা হিচাপে আগবঢ়াই ।

মূৰ্তি উন্মোচন কৰি শ্ৰীমন্ত শংকৰদেৱৰ উত্তৰসুৰী হিচাপে তিনিওগৰাকী শিল্পীকে উল্লেখ কৰি পদাধিকাৰগৰাকীয়ে কয় যে সংস্কৃতি নহ'লে মানৱ সমাজ আধৰুৱা । সমাজৰ এই গুৰুত্বপূৰ্ণ অংগটো টনকিয়াল কৰাৰ ক্ষেত্ৰত তিনিওগৰাকী পুৰুধা পুৰুষৰ অৱদান অতুলনীয় । তিনিওগৰাকী শিল্পীয়ে কৰা চৰম ত‍্যাগৰ ফলত আজি অসমীয়া সংস্কৃতিৰ ভঁড়াল টনকিয়াল হৈছে ।

তেওঁ লগতে কয় যে সভ‍্যতাৰ উচ্চতম বিকাশত সংস্কৃতিৰ সৃষ্টি হয় আৰু অসমীয়া জাতিক বিকাশৰ উচ্চতম শিখৰত শিল্পীসকলেই লৈ গৈছে । প্ৰাক্তন অধ‍্যক্ষগৰাকীয়ে লগতে মহাবিদ্যালয় ছাত্র সন্থাৰ ছাত্ৰ-ছাত্ৰীসকলকো প্ৰশংসা কৰে যিয়ে মূৰ্তি নিৰ্মাণৰ বাবে নিজৰ পূঁজিৰ পৰা ধন মোকলাই দিছিল । তেওঁ আশা কৰে যে তিনিওগৰাকী মহান শিল্পীৰ এই আৱক্ষ মূৰ্তিয়ে ছাত্র-ছাত্ৰীসকলক সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্বৰ কথা সোঁৱৰাই দি থাকিব ।

লগতে পঢ়ক: মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.