ETV Bharat / state

লখিমপুৰত ৰাইজৰ লগত হ'ব বিজেপিৰ যুঁজ: কংগ্ৰেছ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 6:08 PM IST

Lok Sabha Election 2024
লখিমপুৰত ৰাইজৰ লগত হ'ব বিজেপিৰ যুঁজ

Lok Sabha Election 2024: মনোনয়ন পত্ৰ দাখিলৰ সময়তে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰিছে । তৃণমূল কংগ্ৰেছ দলেও শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে । কংগ্ৰেছে দাবী কৰা মতে বিজেপিৰ যুঁজ ৰাইজৰ লগত হ'ব ।

লখিমপুৰত ৰাইজৰ লগত হ'ব বিজেপিৰ যুঁজ

লখিমপুৰ,২৯ মাৰ্চ : লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠিছে । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ১২ নং লখিমপুৰ লোকসভা সমষ্টিত এতিয়া শাসক-বিৰোধীয়ে প্ৰচাৰ তীব্ৰতৰ কৰিছে । মনোনয়ন পত্ৰৰ দাখিল পৰ্বতে এখন শক্তি প্ৰদৰ্শনৰ যুঁজ দিয়া দেখা গৈছে শাসক-বিৰোধী উভয় দলকে । এনে শক্তি প্ৰদৰ্শনৰ যুঁজত বিজেপি-কংগ্রেছৰ লগতে আছে তৃণমূল কংগ্ৰেছো । তিনিওটা দলে শ শ সমৰ্থকক লগত লৈ ঢোলে-দগৰে নাচি বাগি মনোনয়ন পত্ৰ দাখিল কৰে । সমষ্টিটোত মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

এই সময়ত সৰ্বাধিক প্ৰচাৰ চলোৱা দেখা গৈছে বিজেপি দলক । পুৱা ৮ বজাৰ পৰা নিশালৈ পঞ্চায়তসমূহত প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই । কংগ্রেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও বহি থকা নাই । কিন্তু প্ৰদান বৰুৱাৰ প্ৰচাৰত যেনেদৰে বিধায়ক মানৱ ডেকা, ভুৱন পেগু, মন্ত্রী ডাঃ ৰণোজ পেগু আদিয়ে সহযোগ কৰিছে তেনেদৰে কংগ্রেছৰ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযানত বৰ্তমান কোনো প্ৰভাৱশালী নেতাক দেখা যোৱা নাই ।

এনে পৰিস্থিতিত কংগ্রেছৰ একাংশ নেতাই অনুভৱ কৰিছে যে সমষ্টিটেত এইবাৰ বিজেপিৰ লগত কংগ্রেছৰ যুঁজ নহয় । বিজেপিৰ লগত যুঁজ হ'ব ৰাইজৰহে । উল্লেখ্য যে তৃণমূল দল অথবা নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান সাম্প্রতিক সময়ত নিস্তেজ । সমাগত নিৰ্বাচনটোত লখিমপুৰ সমষ্টিৰ ৰেহ-ৰূপ কেনে হ'ব পাৰে তাক লৈ বাটে-ঘাটে ৰাইজৰ মাজত চৰ্চা চলিছে ।

সমষ্টিটোৰ মূল যুঁজখন বিজেপি-কংগ্রেছৰ মাজতে সীমাবদ্ধ থাকিব বুলি সাম্প্রতিক সময়ত ধাৰণা হয় যদিও তৃণমূল কংগ্রেছৰ উত্থানৰ গতি বৰ্তমানৰ দৰেই থাকিলে তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু শাসক-বিৰোধী দলৰ যুদ্ধকালীন প্ৰস্তুতিত তৃণমূল কংগ্রেছে কিমান গা কৰিব পাৰিব সেইখন ছবি কেইদিনমানৰ পাছতহে পৰিস্ফুট হ'ব ।

উল্লেখ্য যে যদি শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ মাজতে যুঁজখন অব্যাহত থাকে তেন্তে নিৰ্বাচনী ৰেহ-ৰূপ কেনে হ'ব সেয়া বিগত সময়ৰ তথ্য লক্ষ্য কৰিলে শাসকীয় দলৰ জটিলতা কিছু কম হোৱাৰ সম্ভাৱনা দেখা যায় । বিপৰীতে সফলতাৰ বাবে বিৰোধী দলে যে এখন তুমুল যুঁজ দিব লাগিব সেই কথা ধূৰুপ ।

উল্লেখ্য যে বিগত নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীজনে সমষ্টিটোত ৩ লাখ ৫০ হেজাৰ ৫৫১ টা ভোটৰ ব্যৱধানত বিজয়ী হৈছিল । মুঠ ৯ টা বিধানসভা সমষ্টিৰ পৰা এইবাৰ দুটা সমষ্টি বাদ দি নতুনকৈ দুটা সমষ্টি অন্তর্ভুক্ত কৰা হৈছে ।

লক্ষ্যণীয় যে পুৰণি বাদ দিয়া সমষ্টি দুটাৰ ভোট বাদ দিলেও বাকী থকা ভোটৰ পৰিসংখ্যা লৈ লক্ষ্য কৰিলে দেখা যায় যে তেতিয়াও বিজেপি কংগ্রেছৰ প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ ব্যৱধান ২ লাখ ৬০ হেজাৰ ৯৭০ টা হয় । এনে প্ৰেক্ষাপটত বিজেপি দলৰ সুযোগ সৃষ্টিৰ সম্ভাৱনা সৰহ । তাতে আকৌ ৯ টা সমষ্টিৰ ৬ টাতে আছে দলীয় বিধায়ক । প্ৰাৰ্থীজনক প্ৰচাৰৰ আৰম্ভণিৰ পৰাই দলীয় মন্ত্রী-বিধায়কে সংগ দিয়াৰ উপৰিও প্ৰাৰ্থীজন সমষ্টিটোত যোৱা দুটা নিৰ্বাচন খেলাৰ অভিজ্ঞতাৰে পুষ্ট । বিপৰীতে কংগ্রেছ দলৰ প্ৰাৰ্থীজনৰ হৈ দলীয় বিধায়ক আদিয়ে সহযোগিতা কৰা নাই এই পৰ্যন্ত ।

উল্লেখ্য যে সমষ্টিটোত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পানী ঘোলা নকৰিলে বিকল্প নাই । দলীয় প্রার্থী উদয় শংকৰ হাজৰিকাৰ এক সৱল সামাজিক স্থিতি এক যোগাত্মক দিশ । কিছু পৰিমাণে হ'লেও প্ৰতিষ্ঠান বিৰোধী ঢৌৱে তেওঁক সহায় কৰাটো নিশ্চিত । বিগত সময়ৰ সাংসদ তথা এইবাৰৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বিৰুদ্ধে নিমাতি কইনা বুলি অভিযোগ আছে । তেওঁ কেৱল দলৰ সুবাদতে শক্তিশালী বুলি ৰাইজে চৰ্চা কৰিছে । ব্যক্তিত্ব হিচাপে প্ৰদান বৰুৱাত কৈ কংগ্রেছৰ উদয় শংকৰ হাজৰিকা শক্তিশালী বুলিও ৰাইজৰ মাজত চৰ্চিত হৈছে ।

কিন্তু উদয় শংকৰ হাজৰিকা কেইবাটাও সমষ্টিত কঠিন যুঁজৰ সন্মুখীন হ'বলগীয়া হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে দলত্যাগ কৰিলে । দলৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ দল ত্যাগ কৰাৰ পিচত দলীয় প্রার্থীগৰাকীক সহযোগ কৰিবলৈ কিমান দূৰ আগুৱাই আহিব সেয়া সন্দেহৰ বিষয় । আনহাতে ৬ জনকৈ শাসকীয় দলৰ বিধায়ক আছে ৬ টা সমষ্টিত । যাৰ বাবে কংগ্রেছ দলৰ প্ৰাৰ্থীজনে সফলতাৰ দিশে যোৱাৰ পছত এখন তীব্র যুঁজ দিব যে লাগিব সেয়া ধূৰুপ ।

লগতে পঢ়ক :কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰক শুভেচ্ছা প্ৰদান বৰুৱাৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.