ETV Bharat / state

কোকৰাঝাৰত বীৰ চিলাৰায় দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:24 PM IST

Chilarai Divas 2024 : বি টি আৰ কোচ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত, কোকৰাঝাৰৰ চিলাৰায় ভৱন প্ৰাংগনত মহাবীৰ চিলাৰায় দিৱস উদযাপন ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ৷

Chilarai Divas 2024
কোকৰাঝাৰত বীৰ চিলাৰায় দিৱস উদযাপন

বীৰ চিলাৰায় দিৱস উদযাপন

কোকৰাঝাৰ, 24 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে বি টি আৰ সদৰ কোকৰাঝাৰতো উদযাপন কৰা হয় 514 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৷ বি টি আৰ কোচ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত, কোকৰাঝাৰৰ চিলাৰয় ভৱন প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাবীৰ চিলাৰায় দিৱস ৷

সংগঠনৰ পতাকা উত্তোলনেৰে মহাবীৰ চিলাৰায় দিৱসৰ আজিৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বি টি আৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ৷ ইয়াৰ পিচতে বন্তি প্ৰজ্বলন কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক নিবাছ চৌধুৰী আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সন্মিলনীৰ উপ-সভাপতি অপূৰ্ব বৰ্মনে ৷ উল্লেখ্য যে বিয়লি কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু বি টি আৰত কোচ ৰাজবংশী উন্নয়ন বৰ্ড গঠন কৰাক বিষয়টোক লৈ এক আলোচনা অনুষ্ঠিত হয় ৷

ইফালে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিচতো কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব নিদিয়াত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ৷ ইয়াৰ প্ৰত্যুত্তৰ আগন্তক লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে সন্মিলনীৰ সভাপতি গৰাকীয়ে ৷ একেদৰে বি টি আৰ এলেকাত কোচ ৰাজবংশী উন্নয়ন বৰ্ড গঠন কৰাৰ বাবে বি টি আৰ প্ৰধান প্ৰমোদ বড়োক দাবী জনাই অহা হৈছিল বুলিও উল্লেখ কৰে তেওঁ ৷ কিন্তু বিষয়টোক লৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ইয়াৰো প্ৰত্যুত্তৰ ভোটৰ জৰিয়তে দিয়া হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : বকো ছয়গাঁও বিধানসভা সমষ্টিত মুঠ 2080 জন লোকক মাটিৰ পট্টা বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.