বকো ছয়গাঁও বিধানসভা সমষ্টিত মুঠ 2080 জন লোকক মাটিৰ পট্টা বিতৰণ
Land Pattas distribution: শুকুৰবাৰে বকো-ছয়গাঁও বিধানসভা সমষ্টিত মিছন বসুন্ধৰা 2.0 ৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৷ "মুঠ 2080 জন লোকে বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাটিৰ পট্টা লাভ কৰিছে বুলি জনায় বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে ।

Published : February 24, 2024 at 12:42 PM IST
বকো, 24 ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বকো-ছয়গাঁও বিধানসভা সমষ্টিটো মিছন বসুন্ধৰা 2.0 ৰ অধীনত শুকুৰবাৰে ভূমি পট্টা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় । সমষ্টিৰ বামুনীগাঁৱৰ শান্তি নিজৰা সংঘৰ খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মুখ্য অতিথি হিচাপে অংশ লয় ৷ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে । বৰদলৈয়ে কয়, "মুঠ 2080 জন লোকে বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাটিৰ পট্টা লাভ কৰিছে । বকো ৰাজহ চক্ৰৰ পৰা সৰ্বাধিক 1063 জন লোকে লাভ কৰিছে ভূমিৰ পট্টা ।
কেন্দ্ৰীয় চৰকাৰখনক প্ৰশংসা কৰি সাংসদ কুইন ওজাই ভাষণ প্ৰদান কয়, "প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ ফলত ৰাজ্যবাসীয়ে অনলাইন ব্যৱস্থাৰ জৰিয়তে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিবলৈ সক্ষম হ’ল । বৰ্তমান চৰকাৰৰ প্ৰতিটো আঁচনি অনলাইনৰ জৰিয়তে আবেদন কৰিব পৰা হৈছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ জনসাধাৰণ যথেষ্ট লাভান্বিত হৈছে ৷ যিকোনো চৰকাৰী কাম-কাজ, আঁচনি আদিৰ বাবে মানুহে চৰকাৰী কাৰ্যালয়ত অপেক্ষা কৰিবলগীয়া হোৱা পুৰণি ব্যৱস্থাটো প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাত নোহোৱা হ’ল ।"
সভাত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে লৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভা, নগৰমল স্বৰ্গীয়ৰী, ফ্ৰাইং মৰাক, সোনাৰাম ৰাভাৰ লগতে বহু গণ্যমান্য ব্যক্তি । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ বাবেহে অসমৰ ৰাইজে বহু বছৰৰ পাছত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে বুলি সভাত উল্লেখ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ।
লগতে পঢ়ক: গৌৰৱ গগৈয়ে মিঞাৰ ৰাজনীতি কৰক, বিজেপিয়ে ৰাইজৰ বাবে কাম কৰিব: পৱিত্ৰ মাৰ্ঘেৰিটা

