ETV Bharat / politics

গৌৰৱ গগৈয়ে মিঞাৰ ৰাজনীতি কৰক, বিজেপিয়ে ৰাইজৰ বাবে কাম কৰিব: পৱিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 10:47 PM IST

MP Gaurav Gogoi
miyan politics

Pabitra Margherita slams Gaurav Gogoi: গৌৰৱ গগৈক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৷ গৌৰৱে মিঞাৰ মাজত থাকি মিঞাৰ ৰাজনীতি কৰে বুলি মন্তব্য বিজেপিৰ সাংসদগৰাকীৰ ৷

গৌৰৱ গগৈক সমালোচনা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

যোৰহাট, 23 ফেব্ৰুৱাৰী: লোকসভাত বিৰোধী দলৰ উপ-দলপতি আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক শীঘ্ৰে ক্ষমা খোজাৰ আহ্বান ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্ট পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৷ তিতাৰত অসম চৰকাৰৰ মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ পৱিত্ৰ মাঘেৰিটাই তীৰ্যক সমালোচনা কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক । সাংসদগৰাকীৰ লগতে তেওঁৰ প্ৰয়াত পিতৃ তথা অসমৰ অতি জনপ্ৰিয় আৰু সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈকো সাঙুৰিলে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷

গৌৰৱ গগৈক সমালোচনা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কংগ্ৰেছৰ শাসন কালত বছৰ বছৰ ধৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে তেওঁলোকৰ পৰিয়ালক তিতাবৰবাসীয়ে বহুত দিলে যদিও খিলঞ্জীয়া ভূমি পুত্ৰসকলক কংগ্ৰেছে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছিল বুলি কয় বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । দশক দশক ধৰি বঞ্চিত হৈ থকা তিতাবৰৰ ৰাইজৰ লগতে ৰাজ্যৰ খিলঞ্জীয়া ভূমি পুত্ৰসকলক বিজেপি চৰকাৰেহে ভূমি পট্টা প্ৰদান কৰিছে বুলি তেওঁ দাবী কৰে ৷

খিলঞ্জীয়া ভূমি পুত্ৰই ম্যাদী পট্টা লাভ কৰাক লৈ গৌৰৱ গগৈ তথা কংগ্ৰেছে কিয় বেয়া পাইছে তাৰ উত্তৰ লাগে বুলি মন্তব্য কৰাৰ লগতে এনে কাৰ্য লজ্জাজনক বুলিও উল্লেখ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই ।

বৰ্তমান মিঞাৰ মাজত থাকি মিঞাৰ ৰাজনীতি কৰা গৌৰৱ এতিয়া মিঞাৰ মাজত আৱেষ্টিত হৈ থকা বুলি কঠোৰ সমালোচনা কৰে বিজেপি নেতা মাৰ্ঘেৰিটাই ৷ লগতে গৌৰৱ গগৈ মিঞা পৃথিৱীতে থাকক বুলিও কটাক্ষ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ তেওঁ লগতে কয় যে গৌৰৱ গগৈক মিঞাৰ ৰাজনীতি কৰক আৰু বিজেপিয়ে খিলঞ্জীয়াৰ মাজত কাম কৰি যাব ৷

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিত উপস্থিত হৈ এইদৰে কংগ্ৰেছক হুংকাৰ দিয়াৰ লগতে গৌৰৱ গগৈক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক গৌৰৱ গগৈয়ে কিদৰে প্ৰত্যুত্তৰ দিব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.