ETV Bharat / state

মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন: কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ দাবী

Bir Chilarai Divas: মৰিগাঁৱতো শনিবাৰে উদযাপন কৰা হয় বীৰ চিলাৰায় দিৱস ৷ কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত উদযাপিত চিলাৰায় দিৱসত পুনৰ এবাৰ উত্থাপিত হ’ল কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবী ৷

Chilarai Divas in Morigaon
মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : February 24, 2024 at 4:46 PM IST

2 Min Read
Choose ETV Bharat
মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন

মৰিগাঁও, 24 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত মৰিগাঁৱৰ চিলাৰায় ভৱনত অনুষ্ঠিত হয় মহাবীৰ চিলাৰায় দেৱানৰ ৫১৪ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ ৷ ইয়াৰ অংশৰূপে মৰিগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত পতাকা উত্তোলন কৰে মৰিগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ সভাপতি নৰকান্ত ডেকাই ।

ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি মলাৰাম ডেকাই । এই সন্দৰ্ভত পতাকা উত্তোলনথলীত মহাবীৰ চিলাৰায় দেৱানৰ সন্দৰ্ভত চমু ব্যাখ্যা আগবঢ়ায় মৰিগাঁও জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠান ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পংকজ ডেকাই ।

ইফালে মহাবীৰ চিলাৰায় ভৱনত অনুষ্ঠিত হয় মুকলি সভা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি প্ৰদীপ চন্দ্ৰ ডেকাই কোচ ৰাজবংশী জনগোষ্ঠীটোক ঐক্যবদ্ধভাৱে জাতিটোৰ স্বাধিকাৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায় । এই কাৰ্যসূচীj আঁত ধৰে উদযাপন সমিতিj সভাপতি তথা মৰিগাঁও জিলা নটাৰী অধিবক্তা মৃণাল কুমাৰ ডেকাই।

মহাবীৰ চিলাৰায় দিৱস উদযাপনথলীৰ পৰা উদযাপন সমিতিৰ সভাপতি তথা মৰিগাঁৱৰ জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ ডেকাই কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰে ।

জনগোষ্ঠীটোক যাতে কোনো কাৰণতে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’বলৈ নিদিয়ে তাৰ বাবে চৰকাৰক আহ্বান জনাই মৃণাল কুমাৰ ডেকাই ৷ কোচ ৰাজবংশীক জনজাতিকৰণৰ ব্যৱস্থা তৎকালিনভাৱে কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে সহজ-সৰল কোচ ৰাজবংশী লোকসকল যুগ-যুগ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷

লগতে পঢ়ক: কোকৰাঝাৰত বীৰ চিলাৰায় দিৱস উদযাপন