ETV Bharat / state

মানস বৰাৰ কংগ্ৰেছ ত্যাগ প্ৰসংগত বিমল বড়াৰ প্ৰতিক্ৰিয়া - Assam Congress Leader Joins BJP

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 11:55 AM IST

Bimal Bora react on APCC general secretary Manash Bora joining BJP
মানস বৰাৰ কংগ্ৰেছ ত্যাগ প্ৰসংগত বিমল বড়াৰ প্ৰতিক্ৰিয়া

Bimal Bora on Manash Bora : প্ৰসংগ APCC ৰ সাধাৰণ সম্পাদক মানস বৰাৰ পদত্যাগ । পাপৰ প্ৰায়চিত্তৰ বাবে সলোৱে কংগ্ৰেছ দল এৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই ।

মানস বৰাৰ কংগ্ৰেছ ত্যাগ প্ৰসংগত বিমল বড়াৰ প্ৰতিক্ৰিয়া

টিংখাং,৩১ মাৰ্চ: তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ । সমানে অব্যাহত আছে দল বাগৰা ৰাজনীতি । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এজনৰ পাছত আন এজন কংগ্ৰেছ নেতাই দল এৰি যোগদান কৰিছে শাসকীয় দল বিজেপিত । যি সময়ত সমগ্ৰ দেশতে বিজেপি আগ্ৰাসী ৰূপত আগবাঢ়িছে তেনে সময়ত জ্যেষ্ঠ নেতাৰ দল ত্যাগে কংগ্ৰেছ দলটো বিপৰ্যস্ত কৰি তুলিছে । ইয়াৰ মাজতে শনিবাৰে APCC ৰ সাধাৰণ সম্পাদক মানস বৰাই এৰিলে কংগ্ৰেছ ।

APCC ৰ সাধাৰণ সম্পাদক মানস বৰাৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী বিমল বড়াই । পাপৰ প্ৰায়চিত্ত কৰিবলৈ সকলোৱে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই । তেওঁ লগতে কয় যে এখন ৰাষ্ট্ৰৰ প্ৰতি এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ পাছত যেনেধৰণে সেৱা আগবঢ়াব লাগে এই ক্ষেত্ৰত কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল ।

অসমৰ সমাজ জীৱনৰ প্ৰতি কংগ্ৰেছ দলে যে কেতিয়াও সন্মান প্ৰদৰ্শন নকৰিলে সেই কথাবোৰ এতিয়া ৰাইজে উপলব্ধি কৰিছে । আনহাতে নিৰ্বাচনী উৎসৱৰ বাবে টিংখাংবাসী ৰাইজ সাজু হৈ আছে বুলি উল্লেখ কৰি টিংখাং সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে অতি কমেও ৮০ শতাংশ ভোট লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্ব সমাপন হোৱাৰ পাছৰে পৰা মন্ত্ৰী বিমল বড়াই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰৰ লগতে নিজ সমষ্টি টিংখাঙতো ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.