ETV Bharat / state

অসমৰ ৪০ লাখতকৈয়ো অধিক আত্মসহায়ক গোটৰ মহিলাই গঢ়িলে অভিলেখ - India Book of Records

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:57 PM IST

India Book of Records
LS polls

Voting awareness: ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে শপত বাক্য পাঠ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাৰ । শপত পাঠ কৰি গঢ়িলে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'। মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল অভিলেখ স্থাপনৰ প্ৰমাণপত্ৰ ।

গুৱাহাটী, ১০ এপ্ৰিল: এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসমে গঢ়িলে অভিলেখ । ভোটদানৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে লোকসভা নিৰ্বাচনত এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে SVEEP ৰ অন্তৰ্গত প্ৰায় ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাই আজি শপত পাঠ কৰি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ' গঢ়িবলৈ সক্ষম হয় ।

Voting awareness
অনুৰাগ গোৱেলক প্ৰমাণ পত্ৰ প্ৰদান

অসমৰ মুখ্য নির্বাচনী বিষয়াৰ উদ্যোগত SVEEPৰ অন্তৰ্গত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানে সফলভাৱে সম্পন্ন কৰে এই বৃহৎ শপত পাঠ কার্যসূচী । এই কাৰ্যসূচী পৰীক্ষাৰ পাছত ‘দ্য ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ৰ বিষয়া নাৰবিজয় যাদৱে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অভিলেখ স্থাপনৰ আনুষ্ঠানিক ঘোষণা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলক অভিলেখ স্থাপনৰ বাবে প্ৰমাণপত্ৰও প্ৰদান কৰে ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালক মছন্দা পার্টিন, যুটীয়া নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তী আৰু এমিলি বৰুৱা উপস্থিত থকা এই সভাত অসমৰ মুখ্য নির্বাচনী বিষয়াগৰাকীৰ উদ্যোগত অনুষ্ঠিত এই বৃহৎ কাৰ্যসূচীৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ।

আনহাতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তথা অসম ৰাজ্যিক নগৰীয় জীৱিকা অভিযানৰ সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰা হয় । উল্লেখ্য যে ৰাজ্যখনৰ সকলো ভোটাৰৰে আগন্তুক লোকসভা নির্বাচনত অংশ গ্রহণ সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাজ্যিক নগৰীয় জীৱিকা অভিযানে গাঁও পঞ্চায়ত, ব্লক পর্যায়ত ‘সাৰথি বাইদেউ' নামেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ।

Voting awareness
ভোট সজাগতা অভিযান

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তেওঁলোকৰ কাৰ্যসূচী জোৰদাৰ কৰি তুলিছে । আজিৰ অভিলেখ স্থাপনৰ আনুষ্ঠানিক ঘোষণা সভাত অসম ৰাজ্যিক নগৰীয় জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক কিশলয় দাস, দেৱাশীষ কুমাৰ বৰুৱা আৰু ৰেকিব আহমেদ তথা অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মুখ্য কাৰ্যকৰী বিষয়া ড০ হিমাদ্ৰী কোঁচ আৰু ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক ৰ'জী কে বৰুৱাকে ধৰি কেইবাজনো বিষয়া উপস্থিত আছিল ।

উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ১৯ এপ্ৰিলত পাঁচটা সমষ্টিত প্ৰথম পৰ্যায়ৰ, ২৬ এপ্ৰিলত পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ আৰু ৭ মে'ত চাৰিটা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: আলফাৰ জন্মই নহ’লহেঁতেন, যদিহে তেতিয়া প্ৰধানমন্ত্ৰী মোদী থাকিলহেঁতেন: মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.